বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধৰ তালিকাত দেশৰ ভিতৰতে শীর্ষস্থানত অসম

News18 Assam | News18-Assam
Updated:January 10, 2020, 4:30 PM IST
বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধৰ তালিকাত দেশৰ ভিতৰতে শীর্ষস্থানত অসম
২০১৮ বৰ্ষত অসমত সংঘটিত হৈছে ৬৬টা তেনে জঘন্য অপৰাধ, যিটো দেশৰ ভিতৰতে সৰ্বাধিক।

২০১৮ বৰ্ষত অসমত সংঘটিত হৈছে ৬৬টা তেনে জঘন্য অপৰাধ, যিটো দেশৰ ভিতৰতে সৰ্বাধিক।

  • Share this:
ধৰ্ষণৰ কৰি হত্যা কৰা অপৰাধৰ তালিকাৰ শীর্ষস্থানত অসম। ২০১৮ বৰ্ষত অসমত সংঘটিত হৈছে ৬৬টা তেনে জঘন্য অপৰাধ, যিটো দেশৰ ভিতৰতে সৰ্বাধিক। ২০১৭ বৰ্ষত অসমত এনে জঘন্য অপৰাধৰ সংখ্যা আছিল ২৭। ইয়াৰ বিপৰীতে ২০১৮ বৰ্ষত মধ্য প্ৰদেশত ৪৬টা, উত্তৰ প্ৰদেশত ৪১টা আৰু হাৰিয়ানাত ২৬টা তেনে জঘন্য অপৰাধ সংঘটিত হৈছে। সমগ্ৰ দেশত ২০১৮ বৰ্ষত এনে অপৰাধৰ সংখ্যা হৈছে ২২৩টা। National Crime Record Bureauই প্ৰকাশ কৰিছে এই সমূহ তথ্য।

উত্তৰ প্ৰদেশৰ জনসংখ্যা অসমতকৈ ৬ গুণৰো অধিক। কিন্তু অপৰাধজনিত ঘটনাৰ তালিকাত অসম উত্তৰ প্ৰদেশৰ ওপৰত থকাটোৱে অসমত আইন–শৃংখলাৰ চৰম অৱনমিত হোৱাৰ দিশটো প্ৰতিফলিত কৰিছে।

আনহাতে, মহিলাৰ বিৰুদ্ধে অপৰাধ সংখ্যা সমগ্ৰ দেশতে ৭ শতাংশ বৃদ্ধি পাইছে। ২০১৮ বৰ্ষত সমগ্ৰ দেশত তেনে অপৰাধৰ সংখ্যা হৈছে ৩,৭৮,২৭৭। এই অপৰাধত সংখ্যাৰ দিশত শীর্ষস্থানত আছে উত্তৰ প্ৰদেশ।

৭ বছৰৰ আগতে সংঘটিত নিৰ্ভয়া কাণ্ডৰ দোষীক ২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱাৰ  প্রকমুহূৰ্তত দেশত প্ৰকাশ পোৱা এনে তথ্য উদ্বেগজনক বুলি মন্তব্য কৰিছে সচেতন মহলে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি