দেশৰ ভিতৰতে অসমত সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত লোকৰ সংখ্যা

News18 Assam | News18-Assam
Updated:January 10, 2020, 3:56 PM IST
দেশৰ ভিতৰতে অসমত সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত লোকৰ সংখ্যা
UAPAৰ অধীনতো অসমতেই ৰুজু হৈছে সৰ্বাধিক গোচৰ। ২০১৮ বৰ্ষত এই আইনৰ অধীনত ৩০৮টা গোচৰ ৰুজু হৈছে।

UAPAৰ অধীনতো অসমতেই ৰুজু হৈছে সৰ্বাধিক গোচৰ। ২০১৮ বৰ্ষত এই আইনৰ অধীনত ৩০৮টা গোচৰ ৰুজু হৈছে।

  • Share this:
সমগ্ৰ দেশৰ ভিতৰত অসমত সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত লোকৰ সংখ্যা। ২০১৮ বৰ্ষত অসম ১৭টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে, গ্ৰেপ্তাৰ হৈছে ২৭জন লোক।

আনহাতে UAPAৰ অধীনতো অসমতেই ৰুজু হৈছে সৰ্বাধিক গোচৰ। ২০১৮ বৰ্ষত এই আইনৰ অধীনত ৩০৮টা গোচৰ ৰুজু হৈছে।

সম্প্ৰতি National Crime Record Bureau–এ ৰাজহুৱা কৰা ২০১৮ চনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ইয়াৰ বিপৰীতে জম্মু–কাশ্মীৰত ৰুজু হৈছে ১২টা, কেৰালাত ৯টা আৰু মণিপুৰত ৰুজু হৈছে ৪টা গোচৰ।

সমগ্ৰ দেশতে ২০১৮ বৰ্ষত ৰুজু হৈছিল সৰ্বমুঠ ৭০টা গোচৰ। ২০১৭ চনত ৰুজু হৈছিল ৩৫টা গোচৰ। আনহাতে, ঝাৰখণ্ডত ২০১৮ বৰ্ষত ৰুজু হৈছিল ১৮টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ যিটো সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক।

অৰ্থাৎ ২০১৮ বৰ্ষত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা অসমত সৰ্বাধিক। আনহাতে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ সংখ্যা ঝাৰখণ্ডত সৰ্বাধিক।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি