নাৰীজনিত অপৰাধৰ বৰ্ধিত হাৰৰ শীর্ষত অসম; ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পালে এই তথ্য

News18 Assam | News18-Assam
Updated:October 3, 2020, 2:23 PM IST
নাৰীজনিত অপৰাধৰ বৰ্ধিত হাৰৰ শীর্ষত অসম; ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পালে এই তথ্য
দেশত বাঢ়িছে নাৰীজনিত অপৰাধ। আনকি অসমতো এতিয়া উদ্বেগজনক ভাবে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা।

দেশত বাঢ়িছে নাৰীজনিত অপৰাধ। আনকি অসমতো এতিয়া উদ্বেগজনক ভাবে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা।

  • Share this:
দেশত বাঢ়িছে নাৰীজনিত অপৰাধ। আনকি অসমতো এতিয়া উদ্বেগজনক ভাবে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। হাথৰছৰ দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ই দিছে ভয়ংকৰ তথ্য। ২০১৯ চনত দেশত সংঘটিত হোৱা বিভিন্ন অপৰাধ সন্দৰ্ভত প্ৰকাশ কৰা খতিয়ানৰ এটা শিতানত প্ৰথম স্থান দখল কৰিছে অসমে।  ২০১৯ চনত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বৰ্ধিত হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীর্ষ স্থানত আছে অসম।

ৰাজ্যখনত প্ৰতি লক্ষ জনগণৰ ভিতৰত ১১৮টা তেনে অপৰাধ ঘটিছে। আনহাতে সংখ্যাৰ দিশৰ পৰা নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধত শীর্ষস্থানত আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত যোৱা বছৰত ৫৯,৮৫৩টা নাৰীজনিত অপৰাধৰ গোচৰ পঞ্জীয়ণ হৈছে। সমগ্ৰ দেশতে ২০১৮-২০১৯ বৰ্ষত নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছে ৪,০৫,৮৬১টা।

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশতে সৰ্বাধিক নাবালিকা ধৰ্ষণৰ বলি হৈছে। যোৱা বছৰ উত্তৰ প্ৰদেশত ‘POCSO Act’ৰ অধীনত ৭,৪৪৪টা গোচৰ ৰুজু হৈছে। দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ৬,৪০২টা তেনে গোচৰ পঞ্জীয়ণ হৈছে।

২০১৮তকৈ ২০১৯ চনত দেশত নাৰীজনিত অপৰাধ ৭.৩ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত ২১ শতাংশই হৈছে মহিলাৰ শ্লীলতাহানিৰ গোচৰ।
Published by: Himangshu Bhuyan
First published: October 3, 2020, 2:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading