• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ নিৰ্বাচন আয়োগলৈ ৰাষ্ট্ৰীয় বঁটা, ২০২১ৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বঁটা ঘোষণা

ৰাজ্যৰ নিৰ্বাচন আয়োগলৈ ৰাষ্ট্ৰীয় বঁটা, ২০২১ৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বঁটা ঘোষণা

National Award to State Election Commission: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ নিৰ্বাচনে আয়োগে প্ৰদান কৰিব বঁটা 

National Award to State Election Commission: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ নিৰ্বাচনে আয়োগে প্ৰদান কৰিব বঁটা 

National Award to State Election Commission: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ নিৰ্বাচনে আয়োগে প্ৰদান কৰিব বঁটা 

  • Share this:

দেশৰ নিৰ্বাচন আয়োগে ২০২১ৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহুকেইটা শিতানত বঁটা ঘোষণা কৰিছে ৷ অহা ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দিল্লীৰ অশোকা হোটেলত প্ৰদান কৰিব ঘোষিত বঁটাসমূহ (National Award to State Election Commission) ৷


ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাইৰেৰ নেতৃত্বত ২০২১ৰ বিধানসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে 'বেষ্ট পাৰ্ফৰ্মিং ষ্টেট' শিতানত অসমে লাভ কৰিছে 'বেষ্ট ইলেক্টৰেল প্ৰেক্টিচেছ এৱাৰ্ড ২০২১' ৷ একেদৰে নিৰ্বাচনৰ সময়ত আইন শৃংখলা পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে IGP দীপক কুমাৰ কেডিয়ালৈ সুৰক্ষা পৰিচালনা শিতানত আগবঢ়োৱা হৈছে বঁটা ৷


ইয়াৰ লগতে গোৱালপাৰা জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাও আছে বঁটা প্ৰাপকৰ তালিকাত ৷ নিৰ্বাচনৰ সময়ছোৱাত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হৈছে কাছাৰ জিলাৰ উপায়ুক্ত তথা জিলাখনৰ নিৰ্বাচনী বিষয়া কীৰ্থি জলী ৷ আনহাতে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে অল ইণ্ডিয়া ৰেডিঅ' অসম প্ৰান্তৰ নিউজ এডিটৰ মানস প্ৰতীম শৰ্মাৰো নাম ৰাষ্ট্ৰীয় বঁটাৰ বাবে ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷

Published by:Gautam Barman
First published: