মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাষ্ট্ৰীয় এথলেটিকছত উজলি উঠিছে অসমৰ অম্লান বৰগোঁহাই, ২০০ মিটাৰ দৌৰত স্বৰ্ণ আৰু ১০০ মিটাৰত ৰূপৰ পদক লাভ

ৰাষ্ট্ৰীয় এথলেটিকছত উজলি উঠিছে অসমৰ অম্লান বৰগোঁহাই, ২০০ মিটাৰ দৌৰত স্বৰ্ণ আৰু ১০০ মিটাৰত ৰূপৰ পদক লাভ

News18 Assam | News18-Assam
Updated:September 19, 2021, 5:11 PM IST
ৰাষ্ট্ৰীয় এথলেটিকছত উজলি উঠিছে অসমৰ অম্লান বৰগোঁহাই, ২০০ মিটাৰ দৌৰত স্বৰ্ণ আৰু ১০০ মিটাৰত ৰূপৰ পদক লাভ
প্ৰতিযোগিতাৰ ১০০ মিটাৰ দৌৰত অম্লানে পাইছিল ৰূপৰ পদক।

প্ৰতিযোগিতাৰ ১০০ মিটাৰ দৌৰত অম্লানে পাইছিল ৰূপৰ পদক।

  • News18 Assam
  • Last Updated: September 19, 2021, 5:11 PM IST
  • Share this:
তেলেংগানাৰ ৰাষ্ট্ৰীয় অপেন এথলেটিকছ চেম্পিয়নশ্বীপত উজলি উঠিছে অসমৰ স্পৃণ্টাৰ অম্লান বৰগোঁহাই। তেলেংগানাত চলি থকা ৬০তম ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত দেওবাৰে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেক্ণ্ডেৰে ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন, ৰাজ্যিক অভিলেখ আৰু গেমছৰ ৰেকৰ্ডসহ স্বৰ্ণ পদক লাভ কৰিছে অসমৰ অম্লান বৰগোঁহাইয়ে।

উল্লেখযোগ্য যে, একেখন প্ৰতিযোগিতাত পুৰুষৰ ১০০ মিটাৰত অম্লান বৰগোহাঁইয়ে ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ১০:৩৪ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে। অসম স্পৃণ্টাৰ হিমা দাসে সৰুসজাইত খেলি সফল হৈছে যদিও অসমত এথলেটিকছৰ সুন্দৰ সুবিধা থকাৰ পিছতো শেহতীয়াকৈ অসমৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰৈৰে কথা ৰাষ্ট্ৰীয় এথলেটিকছতো ভাল ফলাফল দেখুৱাব পৰা নাছিল। তেনেস্থলত অম্লান বৰগোহাঁইয়ে তেলেংগানাৰ ৰাষ্ট্ৰীয় অপেন এথলেটিকছ চেম্পিয়নশ্বীপত এই পৰ্যন্ত এটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ গৰাকীক অৰ্জুন ভোগেশ্বৰ বৰুৱাই অভিনন্দন জ্ঞাপন কৰিছে আৰু অনাগত প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জনাইছে।
Published by: Himangshu Bhuyan
First published: September 19, 2021, 5:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি