টিহুৰ নাথকুছিত আজিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ উৎসৱ আৰম্ভ হৈছে। আজি পুৱাৰে পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰে শতবৰ্ষ মহোৎসৱ উদযাপনস্থলী।
পুৱা ১০০খন পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাধাকান্ত শৰ্মাই।
সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় । আজিৰে পৰা ১০দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই শতবৰ্ষ অনুষ্ঠানত প্ৰতিদিনে নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। শতবৰ্ষ অনুষ্ঠানত ২৬ মাৰ্চত বলীউডৰ সংগীত শিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মুখাৰ্জীৰ লগতে ৩০ মাৰ্চত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব।
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 19:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।