যোৰহাটৰ এটা ভয়ংকৰ পথ, য’ত দুৰ্ঘটনা হ’বলৈ বাট চাই থাকে এচামে! বুকু কঁপিব আপোনাৰ

News18 Assam | News18-Assam
Updated:November 29, 2019, 6:30 PM IST
যোৰহাটৰ এটা ভয়ংকৰ পথ, য’ত দুৰ্ঘটনা হ’বলৈ বাট চাই থাকে এচামে! বুকু কঁপিব আপোনাৰ
যোৰহাটৰ এটা ভয়ানক পথ । নিতৌ হাজাৰ হাজাৰ যানবাহন চলাচল কৰা এই পথটো নিশা হ’লেই হৈ পৰে ভয়ংকৰ

যোৰহাটৰ এটা ভয়ানক পথ । নিতৌ হাজাৰ হাজাৰ যানবাহন চলাচল কৰা এই পথটো নিশা হ’লেই হৈ পৰে ভয়ংকৰ

  • Share this:
যোৰহাটৰ এটা ভয়ানক পথ । নিতৌ হাজাৰ হাজাৰ যানবাহন চলাচল কৰা এই পথটো নিশা হ’লেই হৈ পৰে ভয়ংকৰ । কাৰণ পথটোত যেন দুৰ্ঘটনা সংঘটিত হোৱালৈ অপেক্ষা কৰি থাকে একাংশ লোক ।

পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এই পথটোত একাংশ  স্থানীয় লোকে সংঘটিত কৰি আহিছে ঘৃণনীয় কাম।  যোৰহাটৰ কাকডোঙা দলঙৰ পৰা টিলিকি আম পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথচোৱাত কোনো বাহন দুৰ্ঘটনাত পতিত হ’লেই সৰ্বস্বান্ত হয় যাত্ৰীসকল।



দীৰ্ঘদিন ধৰি পথচোৱাত পথ দুৰ্ঘটনাত পতিত হোৱা বাহন তথা আৰোহীক সহায় কৰাৰ বিপৰীতে লুটপাত চলাই আহিছে একাংশ লোকে । এলপিজি চিলিণ্ডাৰ , সুৰা , আলু , পিঁয়াজ, চাহপাত, ঘৰুৱা যতন আদি একোৱেই সাৰি যোৱা নাই এই লুটপাতৰ পৰা।

বিগত কেইটামান মাহত এই পথচোৱাত দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন পিঁয়াজ কঢ়িয়াই নিয়া গাড়ী চলাইছিল লুটপাত । ব্ৰইলাৰ, কুকুৰা কঢ়িয়াই অনা এখন গাড়ীৰ ক্ষেত্ৰতো সংঘটিত হৈছিল আনুৰূপ ঘটনা । চাহপাত কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে গাড়ীখনত লুটপাত চলাবলৈ বহু লোক আহিছিল যদিও আৰক্ষীৰ তৎপৰতাত সেয়া সম্ভৱ নহ’ল ।



কিন্তু একাংশ লোকে এই ঘটনাত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰক্ষীক । দূৰ্ঘটনাত মৃত্যু হোৱা বা আহত হোৱা লোকসকলৰ সকলো সামগ্ৰীও লুটপাত কৰি নিয়ে এই লোকসকলে ।কেইদিনমান পূৰ্বে দূৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা AS 04 BC 1073 নম্বৰৰ বলেৰ' পিকআপ গাড়ীখনৰ আৰোহীজনৰ সামগ্ৰীৰ লগতে গাড়ীৰ বেটেৰি , টায়াৰ পৰ্যন্ত লুট কৰি নিছিল একাংশ লোকে । একাংশ লোকৰ এনে অমানৱীয় কাণ্ডই হতচকিত কৰি তুলিছে আৰক্ষীকো।

 
আৰু চাওক পৰৱৰ্তী বাতৰি