‘এয়া শান্তিৰ জয়, মানৱতাৰ জয়’ বড়ো ভাষাৰে আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

News18 Assam | News18-Assam
Updated:February 7, 2020, 2:25 PM IST
‘এয়া শান্তিৰ জয়, মানৱতাৰ জয়’ বড়ো ভাষাৰে আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ।

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ।

  • Share this:
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। বড়ো ভাষাৰে আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে ভাষণ। প্ৰধানমন্ত্ৰীয়ে কয় যে, অসমলৈ, এই অঞ্চলত মই বহুবাৰ আহিছো ৷ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আহিয়েই আছো ৷ কিন্তু আজিৰ দৰে ৰাইজ মই দেখা নাই ৷ আৰনাই আৰু দখনাৰ ৰঙেৰে উজ্বলি উঠিছে এই বৃহৎ সমাজ ৷ হেলিকপ্টাৰৰ পৰাও মই চালো - মানুহেই মানুহ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে, মই কালি মই দেখিলো, ছছিয়েল মিডিয়াত, TVত যে কিমান বন্তি জ্বলালে আপোনালোকে ৷ মটৰ চাইকেল ৰেলী কৰিলে। আজি এশ ত্ৰিশ কোটি হিন্দুস্তানীয়ে আপোনালোকক ধন্যবাদ দিছে।’ এই জয় শান্তিৰ জয়, মানৱতাৰ জয়। এতিয়া উত্তৰ–পূবৰ প্ৰতি সকলোৰে ধাৰণা সলনি হৈছে। বড়ো ভাষা, সংস্কৃতিক উচ্চ আসন দিবলৈ আমি বদ্ধপৰিকৰ।’
আৰু চাওক
পৰৱৰ্তী বাতৰি