உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুকালমুৱাত বডৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ মহাৰণ, উদ্বোধন কৰিলে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই

    মুকালমুৱাত বডৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ মহাৰণ, উদ্বোধন কৰিলে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই

    মুকালমুৱাৰ লুনা নিউৱেভা স্প'ৰ্টছ একাডেমীৰ সহযোগত মুকালমুৱাত এই বৰ্ষৰ বডৌচা কাপৰ ৫খনকৈ খেল অনুষ্ঠিত হৈছে।

    মুকালমুৱাৰ লুনা নিউৱেভা স্প'ৰ্টছ একাডেমীৰ সহযোগত মুকালমুৱাত এই বৰ্ষৰ বডৌচা কাপৰ ৫খনকৈ খেল অনুষ্ঠিত হৈছে।

    মুকালমুৱাৰ লুনা নিউৱেভা স্প'ৰ্টছ একাডেমীৰ সহযোগত মুকালমুৱাত এই বৰ্ষৰ বডৌচা কাপৰ ৫খনকৈ খেল অনুষ্ঠিত হৈছে।

    • Share this:

    মুকালমুৱাৰ দেশভক্ত ময়দানত চলি থকা ১৩সংখ্যক বডৌচা কাপ ফুটবল (Badausa Cup football) প্ৰতিযোগিতাৰ তৃতীয়খন খেল আজি অনুষ্ঠিত হয়। বডৌচা স্প'ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ তৃতীয়খন খেলত প্ৰতিদ্বন্দ্বিতা কৰে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা(মাছা) আৰু বাৰেকুৰি এফ চি তিনিচুকীয়া দলে।


    তৃতীয়খন খেলত ৩-১ গলৰ ব্যৱধানত জয়লাভ কৰে বাৰেকুৰি এফ চি তিনিচুকীয়া দলে। মুকালমুৱাৰ লুনা নিউৱেভা স্প'ৰ্টছ একাডেমীৰ সহযোগত মুকালমুৱাত এই বৰ্ষৰ বডৌচা কাপৰ ৫খনকৈ খেল অনুষ্ঠিত হৈছে।



    খেলুৱৈসকলৰ দুভৰিৰ যাদু চাবলৈ মুকালমুৱা (mukalmua)ৰ দেশভক্ত ময়দানত অসংখ্য ফুটবলপ্ৰেমী ৰাইজ উপস্থিত হৈ উপভোগ কৰে তৃতীয়খন খেল। প্ৰতিযোগিতাখনৰ তৃতীয়খন খেল উদ্বোধন কৰে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা (Narayan Deka)ই। তৃতীয়খন খেলৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বাৰেকুৰি এফ চি দলৰ খেলুৱৈ শান্তনু চুতীয়াই।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: