নাওবৈচাৰ গড়ছিগাৰ ১০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত আচৰিত ঘটনা। ৰোগীক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে প্লাষ্টিকৰ টুল দলিয়ালে চিকিৎসকে।
নাওবৈচাৰ গড়ছিগাৰ ১০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত আচৰিত ঘটনা। ৰোগীক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে প্লাষ্টিকৰ টুল দলিয়ালে চিকিৎসকে।
নাওবৈচাৰ গড়ছিগাৰ ১০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত আচৰিত ঘটনা।
ৰোগীক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে প্লাষ্টিকৰ টুল দলিয়ালে চিকিৎসকে আৰু চিকিৎসকৰ উদ্ভণ্ডালিৰ ভিডিঅ' ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।
চিকিৎসালয়খনত চিকিৎসাৰ বাবে যোৱা গড়ছিগাৰ শিঙৰা গাঁৱৰ এগৰাকী মহিলাক টুল দলিয়াই আক্ৰমণ কৰে এগৰাকী মহিলা চিকিৎসকে
ছয়মাহ পূৰ্বে নাওবৈচাৰ গড়ছিগা গ্ৰাম্য চিকিৎসালয়ত এবছৰীয়া গ্ৰাম্য চিকিৎসক হিচাপে যোগদান কৰিছিল এইগৰাকী মহিলাই। ম'বাইলত ভিদিঅ চাই থকা চিকিৎসকক মহিলা ৰোগীগৰাকীয়ে চিকিৎসা প্ৰদান কৰিবলৈ কোৱাত প্লাষ্টিকৰ টুল দলিয়াই আক্ৰমণ কৰে । চিকিৎসকৰ দৰে মহান কৰ্মত নিয়োজিত হৈ ৰোগীক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে ৰোগীক শাৰীৰিক ভাৱে আক্ৰমণ কৰা ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|