உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কুম্ভিলক বৃত্তিৰে ডিগ্ৰী লোৱা কলেজ শিক্ষকৰ শাস্তি হ'বঃ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত

    কুম্ভিলক বৃত্তিৰে ডিগ্ৰী লোৱা কলেজ শিক্ষকৰ শাস্তি হ'বঃ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত

    কুম্ভিলক উপায়ে ডিগ্ৰী লোৱা কলেজ শিক্ষকৰ শাস্তি হব ।

    কুম্ভিলক উপায়ে ডিগ্ৰী লোৱা কলেজ শিক্ষকৰ শাস্তি হব ।

    কুম্ভিলক উপায়ে ডিগ্ৰী লোৱা কলেজ শিক্ষকৰ শাস্তি হব ।

    • Share this:

    ৰাজ্যত কুম্ভলিকা বৃত্তিৰে অনেক অধ্যাপকে গ্ৰহণ কৰি আছে ডক্টৰেট ডিগ্ৰী । এনে ভুৱা অধ্যাপক তথা অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তৰ । এনে ভুৱা ডিগ্ৰীধাৰীসকলৰ বিৰুদ্ধে এটা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে তদন্ত কৰি থকাৰ কথা ব্যক্ত কৰে শিক্ষা উপদেষ্টাগৰাকীয়ে (Academic Advisor)। সোমবাৰে ফেকাল্টি হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ৰ গ্ৰন্থ উন্মোচণী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে মুখামুখি হৈ এইদৰে ৰাজ্যৰ শিক্ষা সংস্কাৰ সম্পৰ্কত স্পষ্ট মন্তব্য কৰে ড০ ননী গোপাল মহন্তই (Nani Gopal Mahanta) ।


    শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) ডিগ্ৰী জালিয়াতিৰ অভিযোগত বিশ্ববিদ্যালয় কাৰ্যকৰী সমিতিয়ে এগৰাকী অধ্যাপক আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ দাসৰ ওপৰত লোৱা সাময়িক শাস্তি সম্পৰ্কত সোধা হৈছিল প্ৰশ্ন। এই সম্পৰ্কত শিক্ষা উপদেষ্টাগৰাকীয়ে জানিবলৈ দি কয় যে কেৱল দুগৰাকী কলেজ শিক্ষকেই নহয় চিনাক্ত কৰা ৫৮ গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যবস্থা লোৱা হ'ব ।


    অৱশ্যে অধ্যক্ষ দিলীপ দাসৰ অধ্যক্ষ পদ বাতিল হ'বনে বুলি সোধা প্ৰশ্ন সম্পৰ্কত কৌশলী মন্তব্যৰে বিষয়টো এৰাই চলে মহন্তই। উল্লেখ্য যে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দিলীপ দাসৰ গবেষণাপত্ৰ তেজপুৰ বিশ্ববিদ্যালৰ এগৰাকী অধ্যাপক গাজি আমিন আহমেদৰ লগত ৪০ শতাংশতকৈ অধিক মিল থকাৰ বাবে বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী সমিতিয়ে দুবছৰৰ বাবে দিলীপ দাসৰ ডক্টৰেট ডিগ্ৰী ৰদ কৰাৰ নিৰ্দেশ দিছিল ।

    Published by:Gautam Barman
    First published: