মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰক্ষীৰ গুলীত আহত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা, অস্ত্ৰ কঢ়াৰ অপচেষ্টাৰ পৰিণাম

আৰক্ষীৰ গুলীত আহত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা, অস্ত্ৰ কঢ়াৰ অপচেষ্টাৰ পৰিণাম

News18 Assam | News18-Assam
Updated:September 5, 2021, 12:15 AM IST
আৰক্ষীৰ গুলীত আহত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা, অস্ত্ৰ কঢ়াৰ অপচেষ্টাৰ পৰিণাম
জি পি সিঙে টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে।

জি পি সিঙে টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে।

  • News18 Assam
  • Last Updated: September 5, 2021, 12:15 AM IST
  • Share this:

নিষ্ঠুৰ পাশৱিকতাৰ বলি হোৱা নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষীৰ গুলীত আহত হৈছে। আজি ধেমাজি আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়াই অপৰাধী ৰিংকু শৰ্মাক।


এই সন্দৰ্ভত ৰাজ্যৰ আইন শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগে জানিবলৈ দিয়ে। সিঙে কয় যে অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰা ৰিংকু শৰ্মাক আত্মৰক্ষাৰ স্বাৰ্থত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী।





উল্লেখ্য, কিছুদিন পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ বিয়েৰাৰ শৰ্মাই। এই ঘটনাৰ কেইদিনমান পিছতে মৃত্যুমুখত পৰে প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া।

Published by: Gautam Barman
First published: September 5, 2021, 12:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি