মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত দুই বিধায়ক ক্ৰমে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।
মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত মন্ত্ৰী হিচাপে নন্দিতা গাৰ্লোছাই ইংৰাজীত শপতগ্ৰহণ কৰে আৰু জয়ন্ত মল্ল বৰুৱাই শপতবাক্য পাঠ কৰে অসমীয়াত।
উল্লেখ্য, কালি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত দুয়োগৰাকী বিধায়ককে অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰা হৈছিল। সেই মৰ্মে আজি প্ৰায় ৩ বজাত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত তেওঁলোকে মন্ত্ৰীৰূপে শপত লয় (Nandita Garlosa and Jayanta Malla Baruah take oath as ministers)।
হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma) মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণত স্থান পোৱা এই দুয়োগৰাকী বিধায়কে বিজেপিৰ আছিল। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি আছিল নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah)। আনহাতে হাফলঙৰ জয়ী হৈছিল নন্দিতা গাৰ্লোছাই।
উল্লেখ্য, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা কৈছিল। ইয়াকে লৈ নতুন মন্ত্ৰীসভাত কোনে স্থান পাব তাকে লৈ ব্যাপক চৰ্চা হৈছিল। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মন্ত্ৰীসভাত স্থান পাব বুলিও চৰ্চা হৈছিল। আনহাতে ধাৰণা কৰা হৈছিল হৈছে মিত্ৰজোঁট চৰকাৰখনত বিজেপিৰ বাহিৰে এগৰাকী হ'লেও ইউপিপিএল বা অগপৰ বিধায়কে স্থান পাব।
ইফালে, নতুন মন্ত্ৰী নন্দিতা গাৰ্লোছাক শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদৰ দায়িত্ব দিয়াৰ লগতে জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|