চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত নামতোলা আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে গাঞ্জা সৰবৰাহকাৰীজন।
চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত নামতোলা আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে গাঞ্জা সৰবৰাহকাৰীজন।
চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলাত বুজন পৰিমাণৰ গাঞ্জাসহ এজন অট'চালক আটক কৰে নামতোলা আৰক্ষীয়ে। চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত নামতোলা আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে গাঞ্জা সৰবৰাহকাৰীজন।
নামতোলাৰ পৰা সোণাৰিলৈ সৰবৰাহ কৰাৰ সময়তে AS 04 BC 4260 নম্বৰৰ অট'খনৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। আটকাধীন গাঞ্জা সৰবৰাহকাৰী ৰাজেন কুৰ্মীৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত ১০/২২ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্ত, চিআৰপিএফ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ কৰা গাঞ্জাখিনি মূল্য লক্ষ্যাধিক টকাৰ হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|