• Home
  • »
  • News
  • »
  • assam
  • »
  • এক ইতিবাচক খবৰ কঢ়িয়াই আনিছে নামৰূপৰ অসম পেট্ৰ'কেমিকেল লিমিটেডে ! জানুৱাৰীত ৰাজ্যবাসীয়ে পাব আন এক উদ্যোগ প্ৰতিষ্ঠান ...

এক ইতিবাচক খবৰ কঢ়িয়াই আনিছে নামৰূপৰ অসম পেট্ৰ'কেমিকেল লিমিটেডে ! জানুৱাৰীত ৰাজ্যবাসীয়ে পাব আন এক উদ্যোগ প্ৰতিষ্ঠান ...

২০১৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ প্ৰচেষ্টাত  বৰ্ধিত মিথানল প্লাণ্টৰ কাম  ভাৰতবৰ্ষৰ ১১টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই ৯৮ শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। 

  • Share this:
অসমবাসীৰ বাবে এটা ভাল খবৰ।সকলো সুকলমে থাকিলে ২০২২ চনৰ জানুৱাৰী মাহতে অসমবাসীয়ে লাভ কৰিব আন এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিবলগীয়া এই প্ৰকল্পটোত এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে অসম পেট্ৰকেমিকেল লিমিটেডৰ বিষয়া সকলৰ লগতে শ্ৰমিকসকল। ২০১৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ প্ৰচেষ্টাত  বৰ্ধিত মিথানল প্লাণ্টৰ কাম  ভাৰতবৰ্ষৰ ১১টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই ৯৮ শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

বৰ্ধিত মিথানল প্লাণ্টোৱে দৈনিক ৫০০টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰি ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে অসম পেট্ৰকেমিকেল লিমিটেডে । ইতিমধ্যে উদ্যোগটোৰ নাইট্ৰোজেন প্লান্ট, কন্ট্ৰ’ল ৰোম, ৰিফৰ্মাৰ, গেছ টাৰবাইন, কুলিং টাৱাৰ আদি গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণ হৈ উঠিছে ৷ ১৮ হাজাৰ কোটি টকাৰে নিৰ্মাণ কৰি থকা এই উদ্যোগটো সম্পূৰ্ণ হৈ উঠিলে প্ৰায় দুই তিনি শতাধিক নিৱনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷  কোম্পানীটোৰ অধ্যক্ষ বিকুল ডেকাকে প্ৰমুখ্যে কৰি প্ৰকল্পটো জড়িত বিষয়া কৰ্মচাৰীসকল  দিনে ৰাতিয়ে ব্যস্ত হৈ পৰাত প্ৰকল্পটোত চলি থকা শেহতীয়া কাম কাজ সমূহ পৰিদৰ্শন কৰিবলৈ প্ৰকল্পটোত  উপস্থিত হৈ টিংখং যুৱ মৰ্চাৰ এটি সঁজাতি দল।

তাৰোপৰি বৰ্তমানৰ প্ৰকল্পতকৈ আৰু অধিক উৎপাদনক্ষম কৰিব পৰা এটা প্ৰকল্পৰ লগতে এছিডিক এচিডৰ এটা প্ৰকল্প নিৰ্মাণৰ DPR প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে অধ্যক্ষ বিকুল ডেকাই।  মিথানল প্লাণ্টটোৰ কাম শেষ হোৱাৰ লগে লগে দৈনিক ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰিবলৈ সক্ষম হব। এনে প্ৰেক্ষাপটত নতুন বছৰৰ পূৰ্বে এক ইতিবাচক খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে প্ৰকল্পটোৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলৰ লগতে নামৰূপবাসীক।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি