• Home
  • »
  • News
  • »
  • assam
  • »
  • Nameri National Park: নামেৰীৰ নৈসৰ্গিকতা কিয় অনন্য? কি আছেনো নামেৰীত?

Nameri National Park: নামেৰীৰ নৈসৰ্গিকতা কিয় অনন্য? কি আছেনো নামেৰীত?

Nameri National Park: নামেৰীলৈ আপুনি কিদৰে যাৱ? ক'ত থাকিব? জানিবলৈ পঢ়ক এই প্ৰতিবেদন 

Nameri National Park: নামেৰীলৈ আপুনি কিদৰে যাৱ? ক'ত থাকিব? জানিবলৈ পঢ়ক এই প্ৰতিবেদন 

Nameri National Park: নামেৰীলৈ আপুনি কিদৰে যাৱ? ক'ত থাকিব? জানিবলৈ পঢ়ক এই প্ৰতিবেদন 

  • Share this:
নামেৰী ! প্ৰকৃতিৰ এক অন্যতম উপহাৰ এই নামেৰী ৷ শোণিতপুৰ জিলাৰ উত্তৰপাৰত অৱস্থিত নামেৰীৰ আছে স্বকীয়তা ৷ ১৯৯৮-২০০০চনত ৰাষ্ট্ৰীয় উদ্যান (Nameri National Park) হিচাপে স্বীকৃতি লাভ কৰা নামেৰী ব্যাঘ্ৰ প্ৰকল্প (Nameri Tiger Project)ও ৷ মানাহৰ পিছত অসমৰ দ্বিতীয় ব্যাঘ্ৰ প্ৰকল্পই হৈছে নামেৰী ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱনৰেখা হৈ বৈ আছে নিৰবধি জীয়াভৰলী নদী ৷ এই জীয়াভৰলী নদীখনেই নামেৰীলৈ আপোনাকো মাতিব পাৰে হাত বাউলী ৷ দুয়োফালে শিল আৰু সেউজীয়া এবুকু সামৰি খৰস্ৰোতে বৈ থাকে জীয়াভৰলীখন ৷ ৰাফ্টিং, ঠিকেই জীয়াভৰলীৰ দোলা দিয়া পানীৰ মাজে মাজে যেতিয়া আপোনাক কঢ়িয়াই নিয়া লাইফব'টখন আগবাঢ়ি যাৱ, সেই সময়ত আপুনিও কঢ়িয়াই লৈ ফুৰিব পৰাকৈ বুকুত গঢ়ি তুলিব অনন্য অভিজ্ঞতা ৷ বাৰমাইলৰ পৰা পোতাশালীলৈকে ৰাফ্টিঙৰ সুবিধা আছে নামেৰীত ৷ এই ৰাফ্টিঙৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ মাজত ৰহন চৰাব পাৰে সৌভাগ্যবশতঃ দেখা অচিনাকী চৰাইবোৰে ৷ চৰাইৰ কলৰৱতকৈও পানীৰ পৰা সৃষ্টি হোৱা সুৰ সংগীতত অৱশ্যেই আপুনি মোহাচ্ছন্ন হ'বই, হ'ব ৷

অকল ১৩ কিলোমিটাৰৰ ৰাফ্টিঙেই নহয়, বহুতে নামেৰীত ভাল পাই ট্ৰেকিং কৰি ৷ ট্ৰেকিং হওক বা ৰাফ্টিঙেই হওক নামেৰীত আপুনি নাৱৰীয়াৰ পৰা আৰম্ভ কৰি যাকেই লগ নাপাওক কিয় সকলোৰে মুখে মুখে শুনিবলৈ পাব চৰাইৰ আখ্যান ৷ ৩৭৪বিধ চৰাই থকা নামেৰীলৈ সততে পৰ্যটক যায় ৰাজ্যিক চৰাই দেওহাহৰ দৰ্শন পাবলৈ ৷ দেওহাহ চোৱাৰ বাবে কষ্টও আছে ৷ পুৱাহে সততে দেখা যায় দেওহাহ ৷ দেওহাহৰ লগতে অন্যান্য চৰাইক কেমেৰাত বন্দী কৰিবলৈ বহু পৰ্যটকে পৰ দিয়ে ঘণ্টাৰ পিছত ঘণ্টা ৷

চৰাইৰ ক্ষেত্ৰত অনন্য অভিজ্ঞতা আছে নামেৰীৰ বনকৰ্মী মিনাৰাম গগৈৰ ৷ এটা সময়ত মিনাৰাম গগৈয়ে চৰাই মাতিবও পাৰিছিল ৷ কিন্তু সম্প্ৰতী এই প্ৰথাক বে-আইনী ঘোষণা কৰাত এই কামৰ পৰা বিৰত থাকিলেও কোন সময়ত কোন চৰাই ক'ত দেখা যাব জানে মিনাৰাম গগৈয়ে ৷

তেজপুৰৰ পৰা প্ৰায় ৩৫কিলোমিটাৰ দূৰত্বত থকা নামেৰীত আছে থকা খোৱাৰ বাবে চৰকাৰী বে-চৰকাৰী ব্যৱস্থা ৷ নামেৰীত এসময়ত মৎস্য চিকাৰ কৰিব পৰা গৈছিল ৷ কিন্তু শেহতীয়াকৈ মৎস্য চিকাৰ বে-আইনী ঘোষিত কৰা হৈছে ৷ ইয়াৰ মাজতে জীয়াভৰলী নদীৰ শিল ঘৰীয়া বা জোঙা পিঠিয়া মাছৰ চিকাৰ হৈ থাকে ৷  শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণৰ লগতে একে সময়তে কাষতে থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যান, তেজপুৰৰ অগ্নিগড়,চিত্ৰলেখা উদ্যান,মহ ভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ আদি দৰ্শনৰ লগতে জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ বিভিন্ন কাম কাজৰ সাক্ষী হৈ ৰোৱা স্থানবোৰো একে সময়তে চাব পৰা সুবিধা আছে ৷

কিন্তু পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে যদিও বিভাগৰ তৰফৰ পৰা কৰা চকুত লগা একো কামেই আপুনি প্ৰত্যক্ষ নকৰে নামেৰীত ৷ চৰকাৰৰ চৰম উদাসীনতাৰ বাবে নামেৰীলৈ যিমান পৰ্যটক যাব লাগিছিল সেয়া হৈ উঠাগৈ নাই ৷ চৰকাৰে কিছু মনোযোগ দিলে নামেৰীৰ পৰা চৰকাৰে ৰাজহ আদায় কৰাৰ লগতে সংস্থাপিত কৰিব পাৰিব বহু নিবনুৱাক ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি