নমামী ব্ৰহ্মপুত্ৰ নহয়, এইবাৰ নমামী পাগলাদিয়া

নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাক নহয়, বাক্সাত ৰাইজে পাতিলে নমামী পাগলাদিয়া। বাক্সা জিলাৰ ভাৰত–ভূটান সীমান্তৰ উত্তৰকুছিত পাগলাদিয়া নদীক পূজা–পাতাল দি সন্তুষ্ট কৰাৰ প্ৰয়াস স্থানীয় ৰাইজৰ।

news18assam
Updated:May 13, 2019, 3:57 PM IST
নমামী ব্ৰহ্মপুত্ৰ নহয়, এইবাৰ নমামী পাগলাদিয়া
নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাক নহয়, বাক্সাত ৰাইজে পাতিলে নমামী পাগলাদিয়া। বাক্সা জিলাৰ ভাৰত–ভূটান সীমান্তৰ উত্তৰকুছিত পাগলাদিয়া নদীক পূজা–পাতাল দি সন্তুষ্ট কৰাৰ প্ৰয়াস স্থানীয় ৰাইজৰ।
news18assam
Updated: May 13, 2019, 3:57 PM IST
নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাক নহয়, বাক্সাত ৰাইজে পাতিলে নমামী পাগলাদিয়া। বাক্সা জিলাৰ ভাৰত–ভূটান সীমান্তৰ উত্তৰকুছিত পাগলাদিয়া নদীক পূজা–পাতাল দি সন্তুষ্ট কৰাৰ প্ৰয়াস স্থানীয় ৰাইজৰ।

উল্লেখযোগ্য যে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ সূৱণখাটা অঞ্চলৰ প্ৰায় ১৬টা চুবুৰীৰ সহস্ৰাধিক কৃষকে প্ৰতিবছৰে পাগলাদিয়া নদীত বান্ধ বান্ধি খেতিপথাৰত পানীৰ ব্যৱস্থা কৰে৷ কৃত্ৰিমভাৱে নদীৰ বুকুত বন্ধা বান্ধটো যাতে নদীৰ সোঁতে ভাঙি নেপেলায় আৰু নদীৰ পানী সকলো সময়তে পোৱাৰ কামনা কৰি ৰাইজে বাৰিষাৰ আগমনৰ লগে লগে পাগলাদিয়া নদীৰ পাৰত আগবঢ়ায় পূজা–অৰ্চনা।

জনজাতীয় পৰম্পৰা অনুসৰি নদীৰ পাৰত অঞ্চলটোৰ লোকসকল সমবেত হৈ পাগলাদিয়া নৈক পূজা কৰে৷ আনকি পাগলাদিয়াক সন্তুষ্ট কৰাৰ বাবে ৰাইজে হাঁহ, কুকুৰা, ছাগলী আদিও বলি দিয়ে৷ ৰাইজৰ বিশ্বাস, পাগলাদিয়া নদীক পূজা কৰিলে নদীৰ বাঢ়নী পানীয়ে বান্ধৰ কোনো ক্ষতিসাধন নকৰে আৰু সকলো সময়তে ৰাইজে খেতিপথাৰত পানী লাভ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি