নতুনকৈ ক’ৰোণাত আক্ৰান্ত হোৱা নলবাৰীৰ তিনিওজন আহিছিল উত্তৰপ্ৰদেশৰ পৰা, ধৰ্মীয় শিক্ষা দিয়াৰ উদ্দেশ্যে বাহৰ পাতিছিল মাদ্ৰাছাত

News18 Assam | News18-Assam
Updated:April 3, 2020, 6:10 PM IST
নতুনকৈ ক’ৰোণাত আক্ৰান্ত হোৱা নলবাৰীৰ তিনিওজন আহিছিল উত্তৰপ্ৰদেশৰ পৰা, ধৰ্মীয় শিক্ষা দিয়াৰ উদ্দেশ্যে বাহৰ পাতিছিল মাদ্ৰাছাত
নতুনকৈ আক্ৰান্ত হোৱা আটাইকেইজনেই তবলীগী জামাতৰ সদস্য

নতুনকৈ আক্ৰান্ত হোৱা আটাইকেইজনেই তবলীগী জামাতৰ সদস্য

  • Share this:
অসমত  ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। আজি পৰ্যন্ত অসমত ২০ জনলৈ বৃদ্ধি পালে ক’ৰোণাত আক্ৰান্ত ৰোগী। তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। নলবাৰী জিলাত ক’ৰোণা প’জিটিভ ওলোৱা তিনিওজন আহিছিল উত্তৰ প্ৰদেশৰ পৰা। আটাইকেইজনেই তবলীগী জামাতৰ সদস্য।

ধৰ্মীয় শিক্ষা প্ৰদানৰ উদ্দেশ্যে অসমলৈ অহা আটাইকেইজনে বাহৰ পাতি আছিল নলবাৰীৰ এখন মাদ্ৰাছাত। কিন্তু বৃহস্পতিবাৰে আটাইকেইজনকে ক’ৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহত সৰুসঁজাইত নিৰ্মাণ কৰা আইছ’লেছন ৱাৰ্ডলৈ লৈ অনা হৈছিল। আৰু স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট লাভ কৰাৰ পিছত আজি তেওঁলোকৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত এই খিনি তথ্য দাঙি ধৰাৰ লগতে অসমলৈ যোৱা ২১ আৰু ২২ মাৰ্চ তাৰিখে বহু লোক ধৰ্মীয় শিক্ষা প্ৰদানৰ উদ্দেশ্যে আহিছিল বুলি কয়। আৰু ইয়াৰে একাংশ অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে।

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading