শিক্ষাৰ নৱদীপ নলবাৰীত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়। উজলি উঠিল ৮ টাকৈ স্থানেৰে জিলাখনত।
ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ইফালে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আনন্দ বিদ্যা নিকেতনৰ পৰা দ্বিতীয় স্থানত উজলিল দুগৰাকীকৈ কীৰ্তিমান ছাত্ৰী । লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মাই লাভ কৰিলে দ্বিতীয় স্থান।
ইফালে তৃতীয় স্থানত উজলিল বাহাৰঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ মৃগাংক ভট্টাচাৰ্য। ইফালে ষষ্ঠ স্থানত লিটিল ফ্লাৱাৰ স্কুলৰ ৰিস্মিতা মহন্ত আৰু অষ্টম স্থানত লুইত একাডেমীৰ ৰাজদীপ কলিতা । নৱম স্থানত লিটিল ফ্লাৱৰ স্কুলৰ হৃষীকেশ কলিতা আৰু অসম একাডেমীৰ ছাত্ৰী বিপাশা শৰ্মা ।
দশম স্থানত টিহু বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰজ্ঞান শৰ্মাই স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। চিকিৎসক হোৱাৰ হেঁপাহ অধিকাংশ স্থানপ্ৰাপকৰ। ইফালে জিলাখনত বেচৰকাৰী স্কুলৰ পৰা সফলতা লাভ কৰিছে আটাইকেইজনে।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 15:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।