নলবাৰীত এইবাৰ পুত্ৰৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হল বৃদ্ধ পিতৃ। পুত্ৰৰ হাতত ধৰাশায়ী কৃষক পিতৃ । শিক্ষক পুত্ৰই দাৰে উপৰ্যুপৰি ঘপিয়ালে কৃষক পিতৃক । নলবাৰীৰ নমাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।
নলবাৰীত পাষাণ পুত্ৰই বৰ্বৰভাবে আক্ৰমণ কৰিলে পিতৃক। শিক্ষক পুত্ৰৰ দাৰ ঘাপত সংকটজনক অৱস্থাত চিকিৎসাধীন হ'ব লগা হল পিতৃ । নলবাৰীৰ নমাটিত পুত্ৰৰূপী দানৱ শিক্ষকে চোকা দাৰে ঘপিয়াই আহত কৰে কৃষক পিতৃ অৰুণ দাসক । বৃহস্পতিবাৰে পুৱা নমাটিৰ অৰুণ দাসৰ পুত্ৰ নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক টুটুমণি দাসে পিতৃৰ সৈতে কোনো কথাক লৈ প্ৰথমতে তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু পিছত খঙত অগ্নিশৰ্মা হৈ পুত্ৰ টুটুমণিয়ে দাৰে ঘপিয়াই পিতৃক আহত কৰে । পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পিতৃক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ইপিনে দানৱৰূপী পুত্ৰক আটক কৰিছে নলবাৰীৰ কাশিমপুৰ আৰক্ষীয়ে । এই ঘটনাই নলবাৰীৰ নমাটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আনহাতে পুত্ৰই আক্ৰমণৰ ঘটনা নিজ মুখে স্বীকাৰ কৰে ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 30, 2023, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।