লক্ষণীয় যে, অতি কম খৰছতে এটা শামুকৰ ভিতৰত পাব পাৰি চাৰিটাকৈ মুকুটা।যাৰ বজাৰ মূল্য যথেষ্ট। যথেষ্ট চাহিদা থকা এই মুকুটা খেতি প্ৰায় দুবছৰ ধৰি কৰি আহিছে নলবাৰীৰ উচ্চশিক্ষিত যুৱক সঞ্জীৱ দত্তই। আনহাতে বহিঃৰাষ্ট্ৰত যদিও মুকুটাৰ খেতিত যথেষ্ট আগবঢ়া কিন্তু ভাৰতবৰ্ষত কিছু কিছু ঠাইতহে মুকুটা খেতি কৰা দেখা যায়। বিশেষকৈ ৰাজস্থান,উৰিষ্যা অন্যতম।
আনহাতে অতি কম সংখ্যক লোকে কৰি আহিছে অসমত মুকুটাৰ খেতি। ইফালে প্ৰতিটো মুকুটাৰ বজাৰ মূল্য যথেষ্ট হোৱা বাবে কম পৰিমাণৰ খেতি কৰিও লাখ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হ'ব পাৰি। ইফালে নলবাৰীৰ যুৱকগৰাকীৰ একক প্ৰচেষ্টাত এনেদৰে মুকুটাৰ খেতি কৰি লাভান্বিত হৈছে।