নলবাৰীত পলিটেকনিকৰ ছাত্ৰৰ আত্মহত্যা। নলবাৰীৰ চান্দকুছিত থকা নলবাৰী পলিটেকনিকৰ ৰাজকুমাৰ কলিতা নামৰ ছাত্ৰজনে কৰে আত্মহত্যা৷ ছাত্ৰজনৰ আত্মহত্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
নলবাৰী পলিটেকনিক কলেজৰ ইলেকট্ৰিকেল বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল কলিতা। গুৱাহাটীৰ গড়চুক নিৱাসী ছাত্ৰজনে নলবাৰী পলিটেকনিকৰ সমীপৰ দৌকুছি গাঁৱৰ এটা পিজিত আছিল৷
ফেনত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰজনে নিশাই আত্মহত্যা কৰে যদিও দুপৰীয়ালৈ দৰ্জা বন্ধ হৈ থকাত সন্দেহ ওপজে আৰু গৃহস্থই দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি মৃতদেহটো ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে৷
ইতিমধ্যে নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|