নলবাৰীবাসীৰ বাবে সুখবৰ! অহা ৬ ডিচেম্বৰত মুকলি হ'ব নলবাৰী তাৰকাগৃহ I মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ সৰিয়হতলীস্থিত নলবাৰী তাৰকাগৃহ মুকলি কৰিব।
উল্লেখযোগ্য যে, ২০১২ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে নলবাৰী তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমতো 3D তাৰকাগৃহ হ'ব নলবাৰী তাৰকাগৃহ।
প্ৰায় ৬০ গৰাকী দৰ্শকে একেলগে দেখা পাব সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ। মুকলিৰ পূৰ্বেই বিভিন্ন পৰীক্ষণমূলক কাম-কাজ চলাইছে কৰ্তৃপক্ষই।
উক্ত শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী সাংসদ উপস্থিতত থাকিব বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|