দুৰ্ভাগ্যই লগ নেৰা এটি পৰিয়াল। কোনোবাজনে যদি চকুৰে নেদেখে কোনোবাজনে নোৱাৰে ভালকৈ কথা ক'ব। কোনোজনৰ বা বিছনাখনেই সংগী। নলবাৰীৰ (Nalbari) বৰভাগৰ এটি পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী শুনিলে আপোনাৰ চকুৰে বাগৰি আহিব দুধাৰি চকুলো।
মৰোৱাৰ কাইট চুবুৰী নিৱাসী এই দুজন ভাই-ককাই। একালত মহানগৰীৰ গণেশগুৰিৰ (Ganeshguri) পদপথত দুয়ো চাহ বিক্ৰী কৰি চলাইছিল পৰিয়াল। চলিছিল সুখে-সন্তোষে। কিন্তু নিয়তিৰ কি পৰিহাস! ব্যৱসায়থলীত প্ৰথমে জ্যেষ্ঠ ভাতৃ এইজন পখিন্দ্ৰ বৈশ্যৰ প্ৰেছাৰ ষ্ট্ৰোক হৈ পৰৱৰ্তী সময়ত মধুমেহ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাই দুচকুৰ পোহৰ।
আনহাতে জ্যেষ্ঠ ভাতৃ ৰোগাক্ৰান্ত হৈ গাঁওৰ ঘৰলৈ উভতি অহাত তেওঁৰ কনিষ্ঠ ভাতৃ এইজন দিলীপ বৈশ্যই জ্যেষ্ঠ ভাতৃৰ পৰা চম্ভালি লৈছিল ব্যৱসায়। পিছে নিয়তিয়ে যেন খেদি ফুৰিলে পৰিয়ালটোক।
এইবাৰ কনিষ্ঠ ভাতৃ আক্ৰান্ত হ'ল মুখৰ কৰ্কট ৰোগত। বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ মাজতে পৰিয়ালটোত পুনৰ লাগিল অথন্তৰ।এইবাৰ দুই ভাতৃৰ বৃদ্ধা মাতৃ আক্ৰান্ত হ'ল পক্ষাঘাত ৰোগত।
দুই ভাতৃৰ জীৱনলৈ নামি অহা অমানিশাৰ পিছতে পৰিয়ালটোলৈ এতিয়া নামি আহিছে আৰ্থিক দৈন্য। পখিন্দ্ৰ বৈশ্যৰ পত্নী প্ৰণালী বৈশ্যই দুই পুত্ৰ সন্তানৰ সৈতে কষ্টৰে কৰি গৈছে ৰোগাক্ৰান্ত তিনিও গৰাকীৰে পৰিচৰ্যা। আৰ্থিক দীনতাই যেন নিঃশেষ কৰি পেলাইছে পৰিয়ালটোক। আৰু ওচৰ-চুবুৰীয়াৰ বদান্যতাতে দিন অতিবাহিত কৰা পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰৰ লগতে আপোনাৰ এধানি সহায়।
হয়তো আপোনাৰ এধানি সঁহাৰিয়ে হাঁহি বিৰিঙাই তুলিব পৰিয়ালটোৰ মুখত। সাধ্যানুসাৰে পৰিয়ালটোক আপুনি অসম গ্ৰামীণ বিকাশ বেংকৰ মৰোৱাত দিলীপ বৈশ্যৰ নামত থকা একাউন্ট নম্বৰ 7089010048851IFSC: PUNB0RRBAGB ত আগবঢ়াব পাৰে আৰ্থিক সহায়। যাৰ সহায়ত চিকিৎসা কৰি পৰিয়ালটোৱে পাব কিছু সকাহ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|