ৰাজ্যৰ স্বাস্থ্য খণ্ডত আন এখন চিকিৎসা মহাবিদ্যালয় সংযোজন হৈছে। দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰিছে। ইয়াকে লৈ নলবাৰীবাসী ও চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ববীয়াসকল উৎফুল্লিত হৈছে।
উল্লেখযোগ্য যে, নলবাৰী চিকিৎসা মহাবিদ্যালয়খন হৈছে ৰাজ্যৰ ১২ নম্বৰ চিকিৎসা মহাবিদ্যালয়। এতিয়াৰে পৰা চিকিৎসালয় খনত ১০০ গৰাকী ছাত্র–ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব। মন কৰিবলগীয়া যে, চিকিৎসালয়খন বিগত ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখে NMCৰ এটা দলে পৰ্য্যবেক্ষণ কৰিছিল। নলবাৰীৰ দক্ষিণ গাঁৱত এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰা হৈছে। ২০১৯ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল । প্ৰায় ১৩২ বিঘা ভূমিত এই চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে।
ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ পৰা স্বীকৃতি লাভৰ পিছতেই সমগ্ৰ নলবাৰী জিলাত আনন্দৰ সোঁত বৈছে। উল্লেখনীয় যে, চিকিৎসালয়খনত ফেব্ৰুৱাৰী মাহৰ পৰা চিকিৎসা সেৱা চলি আছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 15, 2023, 13:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।