মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari Marriage : প্ৰসংগ নলবাৰীৰ বৰখানাজানাৰ বহুচৰ্চিত বিবাহ; বিবাহথলীলৈ মদ্যপান কৰি যোৱাৰ কথা অস্বীকাৰৰ লগতে কইনা পক্ষৰ বিৰুদ্ধে বিভিন্ন অভিযোগ দৰাৰ

Nalbari Marriage : প্ৰসংগ নলবাৰীৰ বৰখানাজানাৰ বহুচৰ্চিত বিবাহ; বিবাহথলীলৈ মদ্যপান কৰি যোৱাৰ কথা অস্বীকাৰৰ লগতে কইনা পক্ষৰ বিৰুদ্ধে বিভিন্ন অভিযোগ দৰাৰ

‘‘মই মদ খোৱা নাছিলো। মোৰ টোপনি পূৰা নহ’লে এনেকুৱা হয়। তিনি দিনৰ পৰা টোপনি নোহোৱা বাবে এনে হৈছিল।’’

‘‘মই মদ খোৱা নাছিলো। মোৰ টোপনি পূৰা নহ’লে এনেকুৱা হয়। তিনি দিনৰ পৰা টোপনি নোহোৱা বাবে এনে হৈছিল।’’

‘‘মই মদ খোৱা নাছিলো। মোৰ টোপনি পূৰা নহ’লে এনেকুৱা হয়। তিনি দিনৰ পৰা টোপনি নোহোৱা বাবে এনে হৈছিল।’’

  • Share this:
নলবাৰীৰ বৰখানাজানাত শেহতীয়াকৈ এখন বিয়াত দৰাই মদ্যপান কৰি মণ্ডপতে মাটিত শুই পৰাক লৈ সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি হৈছে। অতিৰিক্ত সুৰাপান কৰি বিবাহ কৰাবলৈ অহা দৰাৰ অৱস্থা দেখি কইনা ঘৰৰ পৰা মণ্ডপলৈ ওলাই নাহিল আৰু বিয়াখন তাতেই স্থগিত হয়।

আজি দৰাই এই সমগ্ৰ ঘটনাৰ বিৱৰণ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। দৰাজনে কয় যে তেওঁ সুৰাপান কৰা নাছিল, বৰঞ্চ তেওঁৰ anxietyত হে তেনে অৱস্থা হৈছিল। লগতে কয় যে  তেওঁৰ anxiety থকাৰ কথা কইনাই আগতীয়াকৈ জানিছিল অৰ্থাৎ জ্ঞাত আছিল। তেওঁ কয়, ‘‘মই মদ খোৱা নাছিলো। মোৰ টোপনি পূৰা নহ’লে এনেকুৱা হয়। তিনি দিনৰ পৰা টোপনি নোহোৱা বাবে এনে হৈছিল।’’ তেওঁৰ ইতিমধ্যে চেন্নাই এপ'ল' হাস্পতালত চিকিৎসা চলি থকাৰ কথা উল্লেখ কৰি প্ৰেচক্ৰিপছন সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে।

দৰাই কয় যে, বিয়াৰ দিনা দিনত তেওঁৰ এবাৰ গাটো বেয়া লাগিছিল। গাড়ীত কইনাঘৰলৈ গৈ থাকোতেও তেওঁৰ গা বেয়া লাগিছিল যদিও মণ্ডপত বেছিকৈ বেয়া লগাত তেওঁ মাটিত শুই দিয়ে। তেনেকৈ শুই পৰাৰ বাবে কইনা পক্ষই প্ৰথমে হাহাকাৰ লগাইছিল। পিছত কইনাৰ দেউতাকে দৰাজনক, দৰাৰ ভাইটি আৰু ভগ্নীক মাৰ–পিট কৰি, কাপোৰ চিঙি পেলাইছে বুলিও দৰাই অভিযোগ উত্থাপন কৰে। লগতে, কইনা পক্ষই এখন কাগজত কিবা লিখি তেওঁৰ পৰা জোৰকৈ চহী লোৱা বুলিও দৰাই অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে, কইনা ঘৰে তেওঁলোকক হাৰাশাস্তি কৰিছিল, আৰক্ষী অহাৰ বাবেহে তেওঁলোক সেই ঠাইৰ পৰা বাছি আহিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, দৰাই কইনাৰ কৰবাত প্ৰেমৰ সম্পৰ্ক আছে বুলি এতিয়া সন্দেহ হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে আৰু যদি আছিল সেই বিষয়ে তেওঁক আগতেই ক'ব লাগিছিল বুলিও কয়।

দৰাৰ এতিয়া অভিযোগ যে, কইনা অথবা কইনাৰ ঘৰে আ-অলংকাৰৰ লোভৰ কাৰণে এনে কৰিছে। প্ৰথমে বিয়া ঠিক কৰি আ-অলংকাৰৰ পোৱাৰ পিছত বিয়াখন ভাঙিছে।
তেওঁ কয়, ‘‘মোক যেতিয়া মাৰিছে, মোৰ ভণ্টিক মাৰিছে, মই কোনো দিন সেইজনী ছোৱালীক এইখন ঘৰত নানোঁ। কাপোৰ দুযোৰ, সোণৰ গহনা, কেঁচা গহনা দিছোঁ, সেইয়া ঘূৰাই আনিম। ক্ষতিপূৰণ আমি দিম, কিন্তু আমাৰ যি খৰচ হৈছে সেইয়া ক্ষতিপূৰণ তেওঁলোকে কৰিব লাগিব।’’

দৰাই লগতে কয়, ‘‘মোৰ এজনী ভণ্টিৰ চোলা ফালি দিছে, মোৰ পকেটৰ পৰা মানি বেগ উলিয়াই লৈছে। মোৰ এজন ভিনিৰ পৰা মানি বেগ আৰু এটা ভাইটিৰ পৰা সোণৰ চেইন টানিছে। আৰক্ষী আহিছে বাবে আমি কিবাকে বাচি আহিছোঁ। সিহঁতে একোৱেই চোৱা নাই, পৰিস্থিতি একেবাৰে বেয়া কৰি দিছিল। ওচৰৰ মানুহৰ ঘৰত ভণ্টিহঁতে পানী খাব যাওঁতে তেওঁলোকে কৈছিল যে এনে মানুহৰ ঘৰত বিয়া কৰাব আহিছা, সিহঁত ভাল মানুহ নহয়।’’

বৃহস্পতিবাৰৰ নিশা বিবাহ অনুষ্ঠানত গাঁওপ্ৰধান, স্থানীয় জ্যেষ্ঠ নাগৰিক সমন্বিতে ৰাইজ আলোচনাত বহে। কইনাই এনে দৰাৰ লগত তেওঁ সংসাৰ পাতিব নোৱাৰে বুলি মত প্ৰকাশ কৰে। কইনাৰ মত লৈ শেষত বিবাহ বাতিল কৰা হয়।

কইনা পক্ষৰ ৰাইজে অভিযোগ কৰা মতে, দৰাৰ দেউতাকৰ লগতে দৰা পক্ষৰ বহুতে অতিৰিক্ত সুৰাপান কৰি আহিছিল। ইপিনে গোটেই ঘটনা সহিব নোৱাৰি কইনাৰ পিতৃক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। এই ঘটনাক লৈ কইনা পক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

এতিয়া কোনটো পক্ষৰ কথা সত্য সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

শেহতীয়া বাতৰি