প্ৰথমে প্ৰেম৷ তাৰ পিছত বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক৷ অৱশেষত প্ৰেমিকে প্ৰতাৰণা কৰিলে প্ৰেমিকাক। এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত। জিলাখনৰ দলুৱাৰ এগৰাকী যুৱতীৰ সৈতে বিগত ছয় বছৰ ধৰি প্ৰেমৰ অভিনয় কৰি আহিছিল সোণকানিৰ যুৱক তথা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী সুব্ৰত শংকৰ কলিতাই।
প্ৰথমে সকলো ঠিকেই আছিল। দুয়ো মিলি এখন সুখৰ সংসাৰৰ সপোন দেখিছিল যুৱতীগৰাকীয়ে। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়ো মিলি এক হোৱাৰ পণ লৈছিল। কিন্তু যুৱতীগৰাকীয়ে ভৱাৰ দৰে নাছিল প্ৰেমিক সুব্ৰত। লাহে লাহে সলনি হ’ল প্ৰেমিকৰ মন। চলনা কৰি লম্পট প্ৰেমিকে প্ৰতাৰণাৰ ৰচিলে প্ৰতাৰণাৰ অভিসন্ধি।
তিনিদিন পূৰ্বে প্ৰেমিকৰ চলনাত প্ৰেমিকা পালেগৈ প্ৰেমিকৰ কৰ্মস্থলী নগাঁৱৰ ধিং। কিন্তু প্ৰেমিকৰ ওলোটা খৰ দেখি দিশহাৰা হ’ল প্ৰেমিকা। ধিঙত বিয়া পতাৰ প্ৰলোভন দিয়া প্ৰেমিকে অৱশেষত অস্বীকাৰ কৰিলে বিয়া পাতিবলৈ। আনকি ধিঙৰ পৰা নলবাৰীৰ মাকৰ ঘৰলৈ উভতি নাহিলে প্ৰেমিকাক হত্যা কৰাৰো ভাবুকি দিলে লম্পট সুব্ৰতই।
উপায়ন্তৰ হৈ প্ৰেমিকাই মাকৰ ঘৰলৈ ফোন কৰি সকলো বিৱৰি ক’লে যুৱতীগৰাকীয়ে৷ নিশাই যুৱতীৰ পৰিয়াল উপস্থিত হ’ল ধিঙত৷ প্ৰেমিকাৰ পৰিয়ালে প্ৰথমে সুব্ৰতক অনুৰোধ কৰিলে – যি হ’ল হ’ল, এতিয়া বিয়া পাতি দুয়োগৰাকী সুখী হোৱা৷ পিছে প্ৰেমিক নাচোৰবান্দা, কোনোপধ্যেই মান্তি নহয় বিয়াৰ বাবে। নিৰুপায় হৈ অৱশেষত প্ৰেমিকাৰ পৰিয়াল উপস্থিত হ’ল ধিং থানাত।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত লম্পট প্ৰেমিকক আটক কৰিলে ধিং আৰক্ষীয়ে। এটা দিন ধিং থানাত থকাৰ পিছত শনিবাৰে ঘগ্ৰাপাৰ আৰক্ষীয়ে চমজি লয় প্ৰেমিক-প্ৰেমিকাক। ইফালে, যুৱতীৰ পৰিয়ালে ঘগ্ৰাপাৰ থানাত ৰুজু কৰিছে এটা গোচৰ। প্ৰেমিকাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুব্ৰতক। আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে সুব্ৰত শংকৰ কলিতাক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|