নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰিকাটা চ'কত এতিয়া পুখুৰীৰ পাৰসদৃশ পৰিৱেশ ।একাঠু বোকা পানীৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে অঞ্চলবাসী ৰাইজে । যাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে যমৰ যাতনা ভূগি আহিছে ।
বাৰে বাৰে এই বিষয়ত জনপ্ৰতিনিধিক অৱগত কৰিও কোনো সুফল পোৱা নাই অঞ্চলবাসী ৰাইজে । কুমাৰিকাটা অঞ্চলৰ শনিৰাম মণ্ডল সংযোগী পথটোৰ কুমাৰিকাটা চ'কৰ পথছোৱা দীৰ্ঘদিন ধৰি এনেদৰে পানীৰ তলত বুৰ গৈ আছে ৷
পথৰ ওপৰতে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁতবোৰ বছৰৰ বাৰ মাহে পানীৰে পূৰ্ণ হৈ থাকে ৷ এই পথসদৃশ পুখুৰীৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে পথচাৰীয়ে । পথ বুলি ক'ব নোৱাৰি যেন পুখুৰীৰ মাজতহে পথৰ কোনোমতে অস্তিত্ব আছে ৷
এই পথটোৰে যাতায়াত কৰা কঠিন হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ ৷ বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে কুমাৰিকাটা চ'কৰ ব্যৱসায়ীসকল ৷ শেষত উপায়ন্তৰ হৈ কুমাৰিকাটা ব্যৱসায়ী সন্থাই আজি পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচীৰে পথটোৰ পুনৰ নিৰ্মাণৰ দাবী জনায় ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 16:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।