নলবাৰীৰ এখন নৰ বলি দিয়া ৰজা দিনীয়া দুৰ্গা পূজা!

News18 Assam | News18-Assam
Updated:October 24, 2020, 3:44 PM IST
নলবাৰীৰ এখন নৰ বলি দিয়া ৰজা দিনীয়া দুৰ্গা পূজা!
একালত নৰ বলি দিয়া এখন দুৰ্গা পূজা। কালক্ৰমত সেই ভয়ংকৰ প্ৰথা বন্ধ হ'ল। কিন্তু ইতিহাসৰ চিহ্ন আজিও সেই ঠাইখনত ৰৈ গ'ল।

একালত নৰ বলি দিয়া এখন দুৰ্গা পূজা। কালক্ৰমত সেই ভয়ংকৰ প্ৰথা বন্ধ হ'ল। কিন্তু ইতিহাসৰ চিহ্ন আজিও সেই ঠাইখনত ৰৈ গ'ল।

  • Share this:
নলবাৰীৰ এখন নৰ বলি দিয়া পূজা। আপুনি হয়টো শুনি আচৰিত হৈছে কিন্তু এয়াই সঁচা। ৫২০ বছৰ পূৰ্বৰ আহোম ৰাজত্বকালৰ এখন দুৰ্গা পূজাত দিয়া হৈছিল নৰবলি। ৰায় বৰুৱা উপাধিৰ কোনো লোকে দেৱীৰ চৰণত নৱমী পূজাৰ দিনা নৰ-বলি দিছিল।

পূজাস্থলীৰ পৰা কিছু দূৰৈত আজিও পানী মেটেকাৰে পৰিপূৰ্ণ হৈ আছে এটা পুখুৰী । সেই স্থানতে দিয়া হৈছিল নৰ-বলি। কিন্তু নৰ-বলি দিয়া লোকজন আহোম স্বৰ্গদেউৰ ৰোষত পৰিছিল।  শাস্তিৰ ভয়ত পত্নীৰ সৈতে পলাই গৈ ৰায়বৰুৱাই বৰ্তমানৰ কাপ্লা বিলত আত্মজাহ দিছিল। তেতিয়াৰে পৰা সেই স্থানত অনুষ্ঠিত নহয় দুৰ্গা পূজা।

ৰায়বৰুৱা পৰিয়ালৰ আত্মজাহৰ পিছৰে পৰা অৱসান ঘটে নৰ বলিৰ প্ৰথা। তাৰ পৰিৱৰ্তে দেৱীৰ চৰণত উৎসৰ্গা কৰা ম'হ, ছাগলী, হাঁহ-পাৰ আদি এৰি দিয়া হয় মুকলি আকাশৰ তললৈ। এটা পৰিয়ালৰ এই পূজা বৰ্তমান এখন গাঁওৰ পূজালৈ পৰিণত হৈছে। নৰ বলিৰে পূজা কৰাৰ বাবে এই গাঁৱৰ নাম নৰ্দ্দী বুলি জনা যায় আৰু এই নৰ্দ্দী গাঁৱৰ মাজেৰে এসময়ত বৈ গৈছিল এখন বৰনদী নামৰ নদী।  পৰৱৰ্তী সময়ত এই গাঁওৰ নাম বৰনদ্দী হয়।

এই ঠাইত অনুষ্ঠিত পূজাত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে কলগছৰ দেৱী সজোৱাৰ লগতে নৱ পত্ৰিকাক পূজা-অৰ্চনা কৰা হয়। আহোম ৰাজত্বৰ ইতিহাসত প্ৰসিদ্ধ নলবাৰীৰ বৰনদ্দীৰ পূজাত নাই চান্দা সংস্কৃতি। ইয়াৰ পৰিৱৰ্তে পৃজাস্থলীলৈ অহা ভক্তই স্বেচ্ছাই আগবঢ়াই দান-বৰঙণি।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading