• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্ধ্ৰ প্ৰদেশত দুৰ্বত্তই হত্যা কৰিলে নলবাৰীৰ যুৱকক

অন্ধ্ৰ প্ৰদেশত দুৰ্বত্তই হত্যা কৰিলে নলবাৰীৰ যুৱকক

দুদিন পূৰ্বে  উক্ত কোম্পানীৰ কৰ্মচাৰী এজনে ঘৰলৈ ফোন কৰি জনায় যে পিংকু আলীক চাৰিজন ল’ৰাই হত্যা কৰি কোম্পানীৰ শোৱা কোঠাত ওলোমাই থৈ যায়।

  • Share this:
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ  অন্তৰ্গত ঘোহকুছি গাঁৱৰ ৰফিক আলী আৰু জয়তুন বেগমৰ জ্যেষ্ঠ পুত্ৰ  পিংকু আলী(৩২)ৰ ৭ অক্টোবৰৰ নিশা মৃত্যু ঘটে। কামৰ সন্ধানত ঘৰৰ পৰা ওলাই  গৈ অন্ধ্ৰ প্ৰদেশৰ এটা কোম্পানীত তিনি বছৰ ধৰি কৰ্মৰত আছিল যুৱকজন।

দুদিন পূৰ্বে  উক্ত কোম্পানীৰ কৰ্মচাৰী এজনে ঘৰলৈ ফোন কৰি জনায় যে পিংকু আলীক চাৰিজন ল’ৰাই হত্যা কৰি কোম্পানীৰ শোৱা কোঠাত ওলোমাই থৈ যায়। পৰিয়ালৰ লোকে ইয়াৰ কাৰণ জানিব বিচৰাত কৰ্মচাৰীজনে জনায় যে পিংকুৰ  নতুন মোবাইল ফোন এটা সেই ল’ৰাকেইজনে চুৰি কৰিছিল আৰু সমগ্ৰ চুৰি ঘটনাটো যেতিয়া পিংকুই গম পালে তেতিয়া মোবাইল বা মোবাইলটোৰ মূল্য বিচাৰিছিল। পিংকুক মোবাইলটোৰ মূল্য ঘূৰাই দিম বুলি মাতি নি মাৰ-ধৰ কৰি পিংকুক হত্যা কৰি শোৱনি কোঠাত পিংকুৰ মৃতদেহ ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে।

মৃত্যুৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ হৈ পিংকুৰ কনিষ্ঠ ভাতৃক স্থানীয় প্ৰশাসন আৰু কোম্পানী কৃৰ্তৃপক্ষক ঘটনাটো  জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদি কোম্পানীটোৰ মেনেজাৰে ওলোতাই ধমকহে দিয়ে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।আজি পিংকুুৰ মৃৃতদেহ ঘৰলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
Published by:Sanjay Kumar Das
First published: