• Home
  • »
  • News
  • »
  • assam
  • »
  • সমাগত শাৰদীয় দুৰ্গা পূজা ! নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন ...

সমাগত শাৰদীয় দুৰ্গা পূজা ! নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন ...

সমাগত শাৰদীয় দুৰ্গা পূজা।চৌদিশে পূজাৰ ব্যাপক প্ৰস্তুতি।নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন।কোভিদে দুটা বছৰ ম্লান কৰা পূজাস্থলীত এইবাৰ হ'ব চমক।

সমাগত শাৰদীয় দুৰ্গা পূজা।চৌদিশে পূজাৰ ব্যাপক প্ৰস্তুতি।নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন।কোভিদে দুটা বছৰ ম্লান কৰা পূজাস্থলীত এইবাৰ হ'ব চমক।

সমাগত শাৰদীয় দুৰ্গা পূজা।চৌদিশে পূজাৰ ব্যাপক প্ৰস্তুতি।নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন।কোভিদে দুটা বছৰ ম্লান কৰা পূজাস্থলীত এইবাৰ হ'ব চমক।

  • Share this:
সমাগত শাৰদীয় দুৰ্গা পূজা।চৌদিশে পূজাৰ ব্যাপক প্ৰস্তুতি।নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰত চলিছে পূজাৰ ব্যাপক আয়োজন।কোভিদে দুটা বছৰ ম্লান কৰা পূজাস্থলীত এইবাৰ হ'ব চমক। ৪৫ টা মহবলিৰ লগতে ২০তকৈ অধিক হব উৎসৰ্গা।

ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা নামনি অসমৰ অন্যতম শৈৱ শক্তিপীঠ নলবাৰী ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। ৪০ লাখ টকা বাজেট নিৰ্ধাৰন কৰিছে বিল্বেশ্বৰ দেৱালয় দুৰ্গা পূজা সমিতিয়ে ।  দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দুৰ্গা দেৱীৰ পূজা৷ দেৱীক নটা ৰূপত পূজা কৰা হয় নৱৰাত্ৰিৰ ভিতৰত৷ সম্পূৰ্ণ বৈদিক প্ৰথাৰে বিল্বেশ্বৰ দেৱালত চলি আহিছে এই পূজা। নামনি অসমৰ অন্যতম শক্তিপীঠ হিচাপে চিহ্নিত বিল্বেশ্বৰ দেৱালত চলে বলি বিধান৷ দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ পূজাত বিশেষকৈ দেৱীৰ চৰণত বলি আগবঢ়ায়৷ ইয়াৰ ভিতৰত মহ , ছাগলী, হাঁহ, কোমোৰাকে ধৰি প্ৰতিটো বলিৰ বস্তুৱে আগবঢ়াই ভক্তই৷ বিশেষকৈ নৱমী পুজাত বিল্বেশ্বৰত চলে ম’হ বলি৷ ভক্তই মনোবাঞ্ছা পূৰণ হোৱাৰ মানসৰে দেৱী চৰণত বছৰ বছৰ ধৰি আগবঢ়াই অহা ম’হ বলি প্ৰথা আজিও আছে৷ ইফালে কোভিদৰ বাবে যোৱা দুটা বছৰ মাত্ৰ এটা মহ বলি দিয়া হৈছিল যদিও এইবেলি পুনৰ পূৰ্বতকৈ অধিক মহ বলি হ'ব,ইতিমধ্যে বলিৰ বাবে ৪৫ টা মহ আগবঢ়াইছে ভক্তই আৰু ২০ টা মহ উচৰ্গা কৰি এৰি দিব ভক্তই। আনহাতে বৈদ্যুতিক কাৰুকাৰ্য্য হ'ব চকুত লগা। ইতিমধ্যে সকলো প্ৰস্ততি তুংগত উঠিছে দেৱালয়ত।

এইবাৰ মুক্ত মনে  চাৰিওফালৰ পৰা দূৰ্গা দেৱীক আদৰিবলৈ সাজু বিল্বেশ্বৰ দেৱালয় ৷ আনহাতে  বেলশৰৰ দুৰ্গা পূজাত কোনো ধৰণৰ মূৰ্তি পূজা কৰা নহয় ইয়াৰ বিপৰীতে ৰাম কলগছত দেৱী সজাই পূজা অৰ্চনা কৰা হয়।
Published by:Kokil Sarma
First published: