নলবাৰীৰ বেংক ডকাইতি কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ, উদ্ধাৰ নগদ ধন আৰু পিষ্টল

News18 Assam | News18-Assam
Updated:December 1, 2020, 6:06 PM IST
নলবাৰীৰ বেংক ডকাইতি কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ, উদ্ধাৰ নগদ ধন আৰু পিষ্টল
২০ নৱেম্বৰত হাজো-নলবাৰী পথৰ অময়াপুৰস্থিত পাঞ্জাৱ নেচনেল বেংকত কৰিছিল দিন ডকাইতি৷ বেংকৰ ভিতৰে–বাহিৰে গুলীচালনা কৰি লুটি নিছিল ৫৪ লাখ টকা৷

২০ নৱেম্বৰত হাজো-নলবাৰী পথৰ অময়াপুৰস্থিত পাঞ্জাৱ নেচনেল বেংকত কৰিছিল দিন ডকাইতি৷ বেংকৰ ভিতৰে–বাহিৰে গুলীচালনা কৰি লুটি নিছিল ৫৪ লাখ টকা৷

  • Share this:
অৱশেষত নলবাৰী অময়াপুৰৰ বেংক ডকাইতিৰ এজনক গ্ৰেপ্তাৰ৷ নিশা নলবাৰী আৰক্ষীয়ে শুৱালকুছিৰ ৰৌমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইত চায়েদ আলীক৷ ধৃত ডকাইতটোৰ পৰা জব্দ কৰে নগদ ৫০,০০০ টকা, এটা  পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী৷ উদ্ধাৰ হৈছে ডকাইতি কাণ্ডত জড়িত ৰঙা বেগটোও৷

২০ নৱেম্বৰত হাজো-নলবাৰী পথৰ অময়াপুৰস্থিত পাঞ্জাৱ নেচনেল বেংকত কৰিছিল দিন ডকাইতি৷ বেংকৰ ভিতৰে–বাহিৰে গুলীচালনা কৰি লুটি নিছিল ৫৪ লাখ টকা৷ অৱশেষত অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) আচিফ আহমেদ, নলবাৰী সদৰ থানাৰ অ’চি তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত শুৱালকুছিৰ ৰৌমাৰীস্থিত বাসগৃহত অতৰ্কিতে অভিযান চলাই নিশা গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইতটোক৷

আনহাতে, পূৰ্বেও বহু ডকাইতি কাণ্ডৰ লগত জড়িত দুৰ্ধৰ্ষ ডকাইত চায়েদ আলীক বৰ্তমান নলবাৰী সদৰ থানাত জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত নিশ্চয়কৈ ওলাই পৰিব ডকাইতৰ দলটোত আৰু কোন কোন জড়িত আছে৷ অৱশ্যে তদন্তৰ খাতিৰত এতিয়াও বহু কথা সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছে নলবাৰী আৰক্ষীয়ে৷
Published by: Sanjay Kumar Das
First published: December 1, 2020, 6:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading