দেওবাৰে নলবাৰীত সংঘটিত হৈছে ভয়মকৰ পথ দূৰ্ঘটনা।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দূৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় বোলবোমৰ বাহন। দূৰ্ঘটনাত থিতাতে নিহত বোলবোমৰ বাহন খনত থকা এজন যাত্ৰী। এখন তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰে এখন টাটা ডি আই বাহন। বাহন খনত থকা আটাইকেইগৰাকী বোলবমৰ যাত্ৰী আছিল।
দূগ্ঘটনাত থিতাতে নিহত হয় শ্ৰীনাথ চৌহান নামৰ এগৰাকী ব্যক্তি। বাহনখনৰ বাকী ২২ গৰাকী যাত্ৰীক ততাতৈয়াকৈ নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে ১২গৰাকীক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। মঙ্গলদৈৰ পৰা ধুবুৰীৰ মহামায়ালৈ গৈছিল বাহনখন। দুৰ্ঘটনা সংঘটিত কৰি বাহনসহ চালক-হেণ্ডিমেনে পলায়ন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|