মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: বোকাৰ পদুম দেৱৰাজ শৰ্মাক নলবাৰী আছুৰ সম্বৰ্ধনা 

Nalbari News: বোকাৰ পদুম দেৱৰাজ শৰ্মাক নলবাৰী আছুৰ সম্বৰ্ধনা 

Nalbari district AASU felicitated Devaraj Sarma

Nalbari district AASU felicitated Devaraj Sarma

ছাত্ৰ সন্থাই সদায় ছাত্ৰ সমাজৰ উন্নতিৰ বাবে কাম কৰি আহিছে, ভৱিষ্যতেও কৰি যাব ৷ দৰিদ্ৰ মেধাৱী ছাত্ৰ দেৱৰাজ শৰ্মাৰ দুবছৰৰ পঢ়া খৰচৰ দায়িত্ব ল'লে নলবাৰী জিলা ছাত্ৰ সন্থাই ৷ 

  • Share this:
নলবাৰী, ২৬ মে': উৰুখা পজাত বাস কৰিলেও দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰতীয়মাণ কৰি দেখুওৱা টিহুৰ ৰতনপুৰৰ দেৱৰাজ শৰ্মাৰ বাসগৃহলৈ গৈ আজি সন্ধিয়া সম্বৰ্ধনা জ্ঞাপন কৰিলে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু টিহু আঞ্চলিক ছাত্ৰ সন্থাই। ছাত্ৰজনৰ এই সফলতাৰ বাতৰি Local 18 ত প্ৰকাশ পাইছিল।

অতি মেধাৱী ছাত্ৰজনে মেধাৰ ভিত্তিতেই নিজ অধ্যৱসায়ৰ ফলত এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আজি ৰতনপুৰ অঞ্চলৰ সমাজকৰ্মী ফণীধৰ ডেকাই আঁতধৰা অনুষ্ঠানটোত নলবাৰী জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে দেৱৰাজক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েচনৰ সভাপতি অজিত কুমাৰ শৰ্মা আৰু সম্পাদক কুমুদ বৰ্মনে দেৱৰাজ আৰু মাতৃ উপমা দেৱীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত বক্তব্য দি নলবাৰী জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে কয় যে ছাত্ৰ সন্থাই সদায় ছাত্ৰ সমাজৰ উন্নতিৰ বাবে কাম কৰি আহিছে, ভৱিষ্যতেও কৰি যাব।

লগতে ছাত্ৰ নেতাগৰাকীয়ে দৰিদ্ৰ মেধাৱী ছাত্ৰ দেৱৰাজ শৰ্মাৰ দুবছৰৰ পঢ়া খৰচৰ দায়িত্ব লোৱা বুলি ঘোষণা কৰে। অনুষ্ঠানটোত টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েচনৰ সভাপতি অজিত কুমাৰ শৰ্মা, শিয়ালমাৰী জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক চণ্ডীচৰণ ডেকা, সমাজপ্ৰাণ মহিলা সীতা দেৱী আদিয়ে বক্তব্য দিয়ে।

দেৱৰাজৰ শিক্ষাগুৰু, বালি হাইস্কুলৰ শিক্ষক প্ৰবীণ ডেকা, শিক্ষক গুণজিৎ মেধিকে ধৰি ভালেসংখ্যক স্থানীয় পুৰুষ -মহিলাই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতে সমাজপ্ৰাণ ব্যক্তি পৰেশ ডেকা আৰু অৱসৰী শিক্ষক চণ্ডীচৰণ ডেকাই দেৱৰাজক পাঁচশ টকাকৈ নগদ ধনৰ সাহায্য আগবঢ়ায়।

উল্লেখ্য যে পিতৃহাৰা দেৱৰাজ শৰ্মাই মাতৃ উপমা দেৱীয়ে মানুহৰ ঘৰে ঘৰে কাম কৰি পোৱা সামান্য ধনেৰে অতি অভাৱ অনাটনৰ মাজত নিজৰ শোৱা বিচনাখনতে পঢ়ি চৰকাৰী খণ্ডৰ বিদ্যালয় বালি হাইস্কুলৰ পৰা সৰ্বমুঠ ৪৭৬ নম্বৰ পাই ৭৯.৩৩ শতাংশ নম্বৰেৰে তিনিটা বিষয়ত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত স্থানীয় লোক উৎসাহিত হৈ পৰিছে ।

স্থানীয় ৰাইজে অভাৱ অনাটনত জুৰুলা মেধাৱী ছাত্ৰ দেৱৰাজক সহায় কৰাৰ বাবে নলবাৰী জিলা ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে ।

শেহতীয়া বাতৰি