অসমীয়াৰ হেপাঁহৰ বহাগ বিহু সমাগত। মহিলাসকল এতিয়া বিহুৰ আয়োজনত ব্যস্ত। বিহুৱানৰ পৰা আৰম্ভ কৰি পিঠা–পনা সকলো বনোৱাত ব্যস্ত মহিলাসকল। কিন্তু ইয়াৰ মাজতে নলবাৰীৰ এগৰাকী কিশোৰীয়ে তাঁতশালত কাপোৰ বৈ সকলোকে আচৰিত কৰি তুলিছে। যিটো সময়ত কনমাণি কিশোৰ–কিশোৰীসকলে মোবাইল , টিভি অথবা ৰং ধেমালিত ব্যস্ত তেনে সময়তে এগৰাকী কিশোৰীৰ কৰ্মই এতিয়া সকলোৰে মন পুলকিত কৰিছে। বিহুৰ সময়ত তাঁতশালত শিপিনীসকল ব্যস্ত হোৱাৰ দৰেই ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীও তাঁতশালত বিহুৱান বোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এগৰাকী পাৰ্গত শিপিনীৰ দৰেই কিশোৰীগৰাকীয়ে তাঁতশালৰ মাকু চলাইছে। তাঁতশালৰ মাকুৰ শব্দত ৰজনজনাইছে সমগ্ৰ পৰিৱেশ।
উল্লেখযোগ্য যে, পাৰ্গত শিপিনী হ’ব পৰা নাই যদিও কিশোৰীগৰাকীৰ প্ৰচেষ্টাই সকলোৰে মন মুহিছে। তাঁতশালৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কিশোৰীগৰাকী আগবাঢ়িছে।
নলবাৰী জিলাৰ ঐতিহাসিক বালিলেছা গাঁৱৰ নিবাসী ধৰনী ডেকা আৰু কমলা ডেকাৰ একমাত্ৰ জিয়ৰী পূজা ডেকাই এতিয়া তাঁতশালত বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে। জানিব পৰা মতে, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পূজাই তাঁতশালে নহয় এখন ঘৰৰ সমস্ত কামেই আয়ত্ব কৰিছে। অৱশ্যে পূজাৰ এই বিশেষ পাৰদৰ্শিতাৰ আঁৰত আছে তেওঁৰ মাতৃৰ প্ৰেৰণা আৰু উৎসাহ। ইফালে, পূজাৰ পঢ়াৰ লগতে নৃত্য গীতৰ ক্ষেত্ৰতো প্ৰতিভা আছে। মুঠৰ ওপৰত প্ৰতিভাসম্পন্ন কিশোৰী পূজাৰ কৰ্মই এতিয়া সমগ্ৰ নলবাৰীৰ লগতে ৰাজ্যবাসীৰ মন মুহিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 24, 2023, 12:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।