মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত পুনৰ প্ৰতিবাদত নামিছে মহিলা৷ শিৱসাগৰ জিলাৰ নাজিৰাত আজি মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰীমুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰে৷
নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰীমুক্তি সংগ্ৰাম সমিতি একত্ৰিত হৈ মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই আৰু মহিলাসকলক মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলে হাৰাশাস্তি, জুৰজুলুম, ভয় ভাবুকি দিয়া বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ কথা দিছিল কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মতে কাম নকৰাৰ অভিযোগ উত্থাপন কৰি মহিলাসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷
Published by: Kokil Sarma
FIRST PUBLISHED : July 05, 2022, 16:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।