এগৰাকী পঞ্চায়তৰ সভানেত্ৰী! পঞ্চায়তৰ সভাপতিগৰাকীয়ে কমিছনৰ ফৰ্মূলা শুনিলে আপোনাৰো চকু কপালত উঠিব। শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিটোক কলংকিত কৰা পঞ্চায়ত সভানেত্ৰীগৰাৰকীৰ নাম নিপা বৰুৱা।
নিপা বৰুৱাৰ বিৰুদ্ধে অভিযোগ যে, তেওঁৰ পঞ্চায়তত যদি ১০ লাখ টকাৰ কাম হয়,তেন্তে তাৰ বাবদত তেওঁক দিব লাগিব ১ লাখ টকাৰ কমিচন। কাৰণ কমিচনৰ ভাগ দিব লাগে ইঞ্জিনিয়াৰ, ৱাৰ্ড মেম্বাৰ, জিপিচি ৰপৰা বিডিঅক।
যিকোনো চৰকাৰী কামৰ বাবে টকা দিবই লাগিব বুলি স্পষ্ট কৈ উল্লেখ কৰিছে পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে। ইকিমধ্যে গোপন কেমেৰাত বন্দী হৈছে নিপা বৰুৱাই টকা দাবী কৰা অডিও ক্লীপ।
নাজিৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এই কুকাণ্ড ফাদিল কৰে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ময়ুৰ বৰগোহাঁইয়ে। এক সংবাদমেলত পঞ্চায়ত সভানেত্ৰী গৰাকীৰ কুকাণ্ডৰ ভিডিঅ প্ৰদৰ্শন কৰি সভানেত্ৰী গৰাকীৰ বিৰূদ্ধে শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰাৰ কথা সদৰি কৰে বৰগোহাঁইয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|