• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰীৰ দেশত ডাৱৰে আৱৰা আকাশৰ আৰ্হিৰ মণ্ডপত নাজিৰাৰ ষ্টেচন তিনিআলিত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দুৰ্গাৰ প্ৰতিমা ...

পৰীৰ দেশত ডাৱৰে আৱৰা আকাশৰ আৰ্হিৰ মণ্ডপত নাজিৰাৰ ষ্টেচন তিনিআলিত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দুৰ্গাৰ প্ৰতিমা ...

ৰূপালী জয়ন্তী উপলক্ষে এইবাৰ নাজিৰা ষ্টেচন তিনিআলি দুৰ্গা পূজাৰ আয়োজক সমিতিয়ে কলকাতাৰ পৰা অনা শিল্পীৰ দ্বাৰা ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিলে পূজামণ্ডপ আৰু আজি ষষ্ঠীৰ দিনা এই পূজা মণ্ডপত বেলবৰণ আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰিলে দেৱী দুৰ্গাৰ প্ৰতিমা।

  • Share this:
আজি শাৰদীয় দুৰ্গা পূজাৰ মহা ষষ্ঠী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা মহকুমাতো উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা৷ সজাই পৰাই তোলা হৈছে পূজাৰ মণ্ডপ সমুহ৷

ৰূপালী জয়ন্তী বৰ্ষ গৰকা নাজিৰাৰ ষ্টেচন তিনিআলি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ আকাশৰ আৰ্হিৰ ব্যত্ৰিক্ৰমী পূজা মণ্ডপ সাজি উলিয়াইছে । এই দুৰ্গাপূজাখনে এইবাৰ উদযাপন কৰিছে গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ৷ ২৫ টা বৰ্ষ গৰকা নাজিৰা ষ্টেচন তিনিআলি সাৰ্বজনীন দুৰ্গা পূজা খন প্ৰতিবছৰে মহিলাই উদযাপন কৰি আহিছে৷ ৰূপালী জয়ন্তী উপলক্ষে এইবাৰ নাজিৰা ষ্টেচন তিনিআলি দুৰ্গা পূজাৰ আয়োজক সমিতিয়ে কলকাতাৰ পৰা অনা শিল্পীৰ দ্বাৰা ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিলে পূজামণ্ডপ আৰু আজি ষষ্ঠীৰ দিনা এই পূজা মণ্ডপত বেলবৰণ আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰিলে দেৱী দুৰ্গাৰ প্ৰতিমা। ঢাক-ঢোলৰে মুখৰিত হৈ পৰিল ষষ্ঠীৰ দিনা এই নাজিৰা ষ্টেচন তিনিআলিৰ সাৰ্বজননীন দুৰ্গা পূজা। ভক্তৰ সমাগমো দেখা গ'ল এই পূজা মণ্ডপত৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি