
এইবাৰ এক বিপৰীত দৃশ্য দেখা গৈছে নাহৰকটীয়াৰ চাচনীৰ ৰংপুৰ দীঘলী আৰু দীঘলী বিলগাঁৱৰ পথাৰত। গাঁৱৰ ৰাইজে নিজে টালি টোপোলা মাৰি পলমকৈ হলেও কৃষি কাৰ্য্য আৰম্ভ কৰি অলপ হলেও আশাৰ ৰেঙনি দেখিছিল যদিও এতিয়া সেই খেতিৰ ধান পৰিণত হৈছে পতানলৈ।
এইবাৰ এক বিপৰীত দৃশ্য দেখা গৈছে নাহৰকটীয়াৰ চাচনীৰ ৰংপুৰ দীঘলী আৰু দীঘলী বিলগাঁৱৰ পথাৰত। গাঁৱৰ ৰাইজে নিজে টালি টোপোলা মাৰি পলমকৈ হলেও কৃষি কাৰ্য্য আৰম্ভ কৰি অলপ হলেও আশাৰ ৰেঙনি দেখিছিল যদিও এতিয়া সেই খেতিৰ ধান পৰিণত হৈছে পতানলৈ।
আঘোণৰ সোণোলী পথাৰত এতিয়া ব্যস্ত গাঁৱৰ প্ৰতি গৰাকী চহা খেতিয়ক । হাতত কাঁচি লৈ পথাৰৰ পকা ধান দোৱাত ব্যস্ত দাৱনী সকল। কিন্তু এইবাৰ এক বিপৰীত দৃশ্য দেখা গৈছে নাহৰকটীয়াৰ চাচনীৰ ৰংপুৰ দীঘলী আৰু দীঘলী বিলগাঁৱৰ পথাৰত।
গাঁওখনত থকা প্ৰায় ২০০ বিঘা মাটিত আহাৰ-শাওন মাহত পথাৰত পানীৰ অভাৱত পথাৰ চিৰালফাট মৰাত সময়ত খেতি কৰিব নোৱাৰিলে গাঁৱৰ ৰাইজে। জলসিঞ্চন বিভাগক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাত গাঁৱৰ ৰাইজে নিজে টালি টোপোলা মাৰি পলমকৈ হলেও কৃষি কাৰ্য্য আৰম্ভ কৰি অলপ হলেও আশাৰ ৰেঙনি দেখিছিল যদিও এতিয়া সেই খেতিৰ ধান পৰিণত হৈছে পতানলৈ।যাৰ পৰিপেক্ষিতত বছৰটোৰ বাবে কৃষকে সপোন ৰচা খেতি ডৰাত ধানৰ সলনি পতান দেখি মূৰত সৰগ ভাগি পৰা অৱস্থা হৈছে গাওঁখনৰ চহা কৃষক সকলৰ। যাৰ বাবে উপায়ন্তৰ হৈ সেই পতান ধৰা ধান সমূহ কাটি গৰু ছাগলী আৰু হাঁহ কুকুৰাকহে খাবলৈ দিব লগা হৈছে কৃষক সকলে। অকল সেয়াই নহয় এইবাৰ ন খোৱাৰ পৰা বঞ্চিত হোৱাৰ বাবে গাঁৱৰ ৰাইজে পূৰ্বৰে পৰা পালন কৰি অহা তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মৰ পৰাও বঞ্চিত হ'ব লগা হৈছে, যাৰ বাবে এতিয়া হতাশাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে গাঁৱৰ ৰাইজে। এই সকলে চহা খেতিয়কে এই আঘোণ মাহতে সোণোৱালী শস্য চাই বছৰটোৰ বাবে সপোন ৰচাৰ লগতে পৰিয়াল পোহ পাল দি আহিছে, কিন্তু এইবাৰ উদং পথাৰ ডৰা চাই মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে। সেয়েহে উদং পথাৰ ডৰাত গাঁৱৰ কৃষক সকলে যাতে ৰবি শস্যৰ খেতি কৰি বছৰটোৰ বাবে পৰিয়ালটোক পোহ পাল দিব পাৰে তাৰে বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্হানীয় বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|