নাহৰকটীয়াৰ চাচনী ২নং দলামুৰী গাঁৱৰ নিৱাসী টংকেশ্বৰ বাইলুং আৰু ৰাণু বাইলুঙৰ কন্যা কণ্যা নয়নমণি। বাকীকেইটা সন্তানৰ দৰে তায়ো পিতৃ–মাতৃ–আইতাকৰ মৰম চেনেহৰ মাজতেই ডাঙৰ–দীঘল হৈছিল। কিন্তু, হঠাৎ নয়নমণিৰ জীৱনলৈ নামি আহিল ক’লা ডাঁৱৰ। সেই কলা ডাঁৱৰে যেন তছনছ কৰি গল নয়নমণিৰ যৌৱন। এটা বছৰৰ পূৰ্বে নয়নমণিয়ে প্ৰচণ্ড জ্বৰত ভোগাত পিতৃ–মাতৃ কাষ চাপিছিল চিকিৎসকৰ। তাৰ পিছৰে পৰাই দিনক দিনে শৰীৰৰ অৱনতি ঘটিলে নয়নমণিৰ। আনকি বিগত দিনকেইটাত নয়নমণিয়ে ভালদৰে খোৱা–বোৱা কৰিব নোৱাৰা হ’ল, ওঠত কিবা লাগিলেই তেজ ওলাই আহে। এটা বছৰতে নয়নমণিৰ মুখমণ্ডলত পৰিল অচিন ৰোগৰ চামনি।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত মেধাৱী ছাত্ৰীগৰাকীয়ে টেষ্ট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈয়ো দিব নোৱাৰিলে মেট্ৰিক পৰীক্ষা। যাৰ বাবে বিদ্যালয় এৰিব লগা হ’ল নয়নমণিয়ে। দিন হাজিৰা কৰা পিতৃয়ে নয়নমণিৰ চিকিৎসাৰ বাবে ঘৰৰ গৰুহাল, মাটি–বাৰী বন্ধকত দিয়াৰ লগতে চৰকাৰে বনাবলৈ দিয়া চৰকাৰীৰ ঘৰৰ ধনো খৰচ কৰিলে, বাৰম্বাৰ চিকিৎসকৰ ওচৰলৈ গৈয়ো সুস্থ হৈ নুঠিল নয়নমণি। ঘৰৰ ভেটিটোৰ বাদে পিতৃ–মাতৃৰ হাতত বিক্ৰী কৰিবলৈ এতিয়া একোৱেই নাই। দিক–বিদিক হেৰুওৱা পিতৃ–মাতৃ আৰু আইতাকৰ আহ্বান – জীয়াই থাকিবলৈ দিয়ক নয়নমণিক। কোনো সদাশয় ব্যক্তিয়ে যদিহে নয়নমণিক কিঞ্চিতমান সহায় কৰিব বিচাৰে তেন্তে পিতৃৰ 80119 21485 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা চাচনী এলাহাবাদ বেংকৰ ALLA0211406 IFSC কোডৰ 20693983514 একাউণ্ট নম্বৰত আপুনি সহায় কৰিব পাৰিব। আপোনাৰ অলপমান সহানুভূতি পালেই পিতৃ–মাতৃৰ লগতে সকলোৰে বাবে তাই নয়নৰ মণি হৈ জীয়াই থাকিব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 17, 2020, 11:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।