মুখ্যপৃষ্ঠা »খবৰ »অসম »আকৌ আগৰ দৰে হাঁহিব নয়নমণিয়ে, বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত

আকৌ আগৰ দৰে হাঁহিব নয়নমণিয়ে, বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত

নয়নমণিৰ সহায়ৰ বাবে ওলাই আহিল বিজেপি যুৱ মৰ্চাৰ উপ–সভাপতি তৰংগ গগৈ।

নয়নমণিৰ সহায়ৰ বাবে ওলাই আহিল বিজেপি যুৱ মৰ্চাৰ উপ–সভাপতি তৰংগ গগৈ।

  • Share this:
NEWS18ৰ বাতৰিৰ প্ৰভাৱ। শুকুৰবাৰে NEWS18ত প্ৰকাশ পাইছিল নাহৰকটীয়াৰ চাচনীৰ ২নং দলামুৰী গাঁৱৰ নিৱাসী টংকেশ্বৰ বাইলুং আৰু ৰাণু বাইলুঙৰ মাজু কন্যা নয়নমণি বাইলুঙে এক অচিন ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি। এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতই অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান লোকে নয়নমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নয়নমণিলৈ আগবঢ়াইছে সহায়ৰ হাত।

নয়নমণিৰ সহায়ৰ বাবে ওলাই আহিল বিজেপি যুৱ মৰ্চাৰ উপ–সভাপতি তৰংগ গগৈ। নয়নমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি নয়নমণিক নগদ ২১ হাজাৰ টকা প্ৰদান কৰে তৰংগ গগৈয়ে। লগতে অসম চিকিৎসা মহাবিদ্যালয়ত নয়নমণিৰ চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰি দিয়ে তৰংগ গগৈয়ে।



ইফালে পিতৃ–মাতৃয়ে চৰকাৰে প্ৰদান কৰা চৰকাৰী ধনৰ টকাখিনিও খৰছ কৰিছিল নয়নমণিৰ চিকিৎসাৰ বাবদ আৰু সেইবাবে আধৰুৱা হৈ থকা নয়নমণিহঁতৰ বাসগৃহটো এসপ্তাহৰ ভিতৰত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱ নেতাগৰাকীয়ে। নয়নমণিক ৰাইজে কৰা মৰম চেনেহক লৈ পিতৃ–মাতৃ আবেগিক হৈ পৰাৰ লগতে NEWS18 পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে।

শেহতীয়া বাতৰি