মাত্ৰ ৬০০ চেকেণ্ডত ২৩ হেজাৰ নিম পুলি ৰোপণ কৰি ইতিহাস ৰচনাৰে এক বিৰল অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ল নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডই।
মাত্ৰ ৬০০ চেকেণ্ডত ২৩ হেজাৰ নিম পুলি ৰোপণ কৰি ইতিহাস ৰচনাৰে এক বিৰল অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ল নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডই।
মাত্ৰ ৬০০ চেকেণ্ডত ২৩ হেজাৰ নিম পুলি ৰোপণ কৰি ইতিহাস ৰচনাৰে এক বিৰল অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ল নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডই। ধৰণী চিৰ সেউজ কৰি তোলাৰ উদ্দেশ্যেৰে জয়পুৰ উন্নয়ন খণ্ডৰ অধীনৰ ১৪ খন পঞ্চায়তৰ ২৩ হেজাৰ জবকাৰ্ড শ্ৰমিকৰ বাসগৃহত এই ২৩ হেজাৰ নিম পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উল্লেখযোগ্য যে জয়পুৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ পৰিকল্পনাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন আচঁনিৰ অধীনত জয়পুৰ উন্নয়ন খণ্ডৰ অধীনৰ ১৪ খন পঞ্চায়তত মাত্ৰ ৬০০ চেকেণ্ডত সমাপন কৰা হয় এই নিম পুলি ৰোপণ কাৰ্যসূচী।মূলত পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে জয়পুৰ উন্নয়ন খণ্ডই গ্ৰহণ কৰা এই ব্যতিক্ৰমী পদক্ষেপক স্বাভাৱিকতে সকলো লোকে আদৰণি জনাইছে।উল্লেখযোগ্য যে এই পদক্ষেপক আগন্তুক দিনটো অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰি ৰঞ্জিত বুঢ়াগোঁহাইয়ে আগন্তুক বাৰিষাৰ পূৰ্বে ১ ঘন্টাত ৭ লক্ষাধিক নিম পুলি ৰোপণ কৰাৰ কথা ব্যক্ত কৰে। ইফালে এই অনুষ্ঠানত আমগুৰি পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰাণী শইকীয়া, বিজেপি নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, দীঘলীয়া পঞ্চায়তৰ সভাপতি পৰাণু গগৈ উপস্থিত থাকি জয়পুৰ উন্নয়ন খণ্ডৰ চৌহদত একোটাকৈ নিম পুলি ৰোপণ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|