• Home
  • »
  • News
  • »
  • assam
  • »
  • নাহৰকটীয়াত জল জীৱন মিছনৰ অধীনৰ ১১ টা পানী যোগান আচঁনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ...

নাহৰকটীয়াত জল জীৱন মিছনৰ অধীনৰ ১১ টা পানী যোগান আচঁনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ...

১ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে নাহৰকটীয়াৰ উমাতাৰ চাহ বাগিছাত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱা পানী যোগান আচঁনি শুভাৰম্ভ কৰে তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জল জীৱন মিছনৰ অধীনত নাহৰকটীয়াত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱা পানী যোগান আচঁনি শুভাৰম্ভ কৰা হয়।প্ৰায় ১ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে নাহৰকটীয়াৰ উমাতাৰ চাহ বাগিছাত নিৰ্মাণ কৰি উলিওৱা এই বিশুদ্ধ খোৱা পানী যোগান আচঁনি শুভাৰম্ভ কৰে তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে।

এই উপলক্ষে উমাতাৰা চাহ বাগিছা খেল পথাৰত আয়োজিত এক উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শুভ উদ্বোধন কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিখনে উমাতাৰ চাহ বাগিছাৰ প্ৰায় ৩৫০ টা পৰিয়াল সাঙুৰি লব বুলি উল্লেখ কৰে।তেওঁ লগতে কয় যে বিভিন্ন সময়ত বিশুদ্ধ খোৱা পানীৰ অভাৱত চাহ বাগিছাৰ শ্ৰমিক সকলে কলেৰা, ডায়েৰিয়া, গ্ৰহণী আদি ৰোগত আক্ৰান্ত হৈ আহিছে সেয়েহে বিধায়ক তৰংগ গগৈৰ প্ৰচেষ্টাত নাহৰকটীয়াত জল জীৱন মিছনৰ অধীনত প্ৰথম পৰ্যায়ত চাহ শ্ৰমিকৰ সুবিধাৰ্থে চাহ বাগিছা এলেকাত বিশুদ্ধ খোৱা পানী যোগান আঁচনি প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিব্ৰুগড় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অৰূপ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক তৰংগ গগৈয়ে বিশুদ্ধ খোৱা পানী যোগান আঁচনিয়ে বাগিছা শ্ৰমিক সকলক যথেষ্ট উপকৃত কৰিব বুলি উল্লেখ কৰি এতিয়াৰ পৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ এই প্ৰকল্পটি স্থানীয় ৰাইজে নিজৰ প্ৰকল্প বুলি জ্ঞান কৰি সুন্দৰ ভাবে চলাই নিব লাগিব বুলি প্ৰকাশ কৰে।উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানতে নবনিৰ্মিত দিল্লী চাহ বাগিছা পানী যোগান আঁচনি, বালিমৰা পানী যোগান আঁচনিও শুভ উদ্বোধন কৰাৰ লগতে নতুকৈ পুনৰ উজ্জীৱিতকৰণ কৰি তোলা সজোৱা পথাৰ, মঠাৱনি, মেৰবিল, খাটোৱা, নাহৰণি ব্লক, শিলগ্ৰান্ট, তৰাজান আৰু পানীবুৰা চকলীয়া পানী যোগান আচঁনি সমূহ শুভাৰম্ভ কৰা হয়।

এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উন্নয়ণ আয়ুক্ত সঞ্জয় দত্ত,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা পৰাগমণি বৰা,সমাজকৰ্মী মৃদুল কলিতা,নিগাম,বালিমৰা,শান্তিপুৰ,নামৰূপ,দিঘলীয়া,আমগুৰি,মেৰবিল আদি পঞ্চায়তৰ সভাপতিসকলকে ধৰি ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি