ভাগ ভাগ হৈ থাকিলে নহ’ব, এতিয়া সময় সকলো এক হোৱাৰঃ ড০ নগেন শইকীয়া

News18 Assam | News18-Assam
Updated:October 2, 2020, 10:00 PM IST
ভাগ ভাগ হৈ থাকিলে নহ’ব, এতিয়া সময় সকলো এক হোৱাৰঃ ড০ নগেন শইকীয়া
ৰাজ্যত নতুনকৈ গঠন হোৱা প্ৰতিটো ৰাজনৈতিক দললৈ আহ্বান বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ।

ৰাজ্যত নতুনকৈ গঠন হোৱা প্ৰতিটো ৰাজনৈতিক দললৈ আহ্বান বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ।

  • Share this:
‘এতিয়া ভাগ ভাগ হোৱাৰ সময় নহয়, এতিয়া এক হোৱাৰ সময়। আৰু কিছুদিন ৰ'ব লাগিছিল। অহা ১৪ অক্টোবৰত আছু আৰু AJYCPৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোৱে দায়িত্ব ভাৰ গ্ৰহণ কৰি কাম-কাজ আৰম্ভ কৰিব। হয়টো ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিব। তেনে সময়তে আৰু কিছুদিন অপেক্ষা কৰা হ’লে ভাল আছিল।’- এই মন্তব্য বিশিষ্ট সাহিত্যিক, লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াৰ। বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া জাতিৰ স্বাৰ্থত ভাগ ভাগ নহৈ সকলোকে একেলগ হ’বলৈ আহ্বান জনাইছে।

ইফালে শুকুৰবাৰে ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ কৰা ‘জনতাৰ দল’ৰ উপদেষ্টা হিচাপে সাহিত্যিকগৰাকীৰ নাম সন্নিৱিষ্ট কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগেন শইকীয়াই কয় যে, ‘কৃষক মুক্তিৰ ঘোষিত ৰাজনৈতিক দলত সন্নিবিষ্ট কৰাত আচৰিত হৈছো। অসম আৰু অসমীয়াৰ স্বাথৰ্ৰ বাবে কাম কৰা সকলো দললৈ শুভেচ্ছা সদায় আছে। কিন্তু কোনো দলৰ উপদেষ্টা হ’ব নিবিচাৰো।’
Published by: Himangshu Bhuyan
First published: October 2, 2020, 10:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি