‘অসমত কিয় স্তিমিত হৈছে CAA বিৰোধী আন্দোলন? বিভ্ৰান্ত ৰাইজ’

News18 Assam | News18-Assam
Updated:January 28, 2020, 5:48 PM IST
‘অসমত কিয় স্তিমিত হৈছে CAA বিৰোধী আন্দোলন? বিভ্ৰান্ত ৰাইজ’
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত CAA বিৰোধী এটা সমন্বয়ৰক্ষী মঞ্চ গঠন কৰা হৈছে, য’ত যোগেন্দ্ৰ যাদৱ, মেধা পাটকাৰ, গণেশ দেৱী আদিয়ে নেতৃত্ব দিছে এই মঞ্চৰ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত CAA বিৰোধী এটা সমন্বয়ৰক্ষী মঞ্চ গঠন কৰা হৈছে, য’ত যোগেন্দ্ৰ যাদৱ, মেধা পাটকাৰ, গণেশ দেৱী আদিয়ে নেতৃত্ব দিছে এই মঞ্চৰ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ছোৱাত চৰ্চালৈ আহিছিল এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰসংগ। সদৌ অসম ছাত্ৰ সন্থাই এক নতুন ৰাজনৈতিক বিকল্পৰ ইংগিত দিছিল। কিন্তু নতুন ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছৰ নীৰৱতাই ৰাইজক বিভ্ৰান্ত কৰিছে বুলি মন্তব্য কৰিছে অসম নাগৰিক সমাজে।

‘চৰকাৰৰ হেঁচা আৰু নেতৃত্বৰ ব্যৰ্থতাৰ বাবে স্তিমিত হৈছে CAA বিৰোধী আন্দোলন। সংবাদমেলত এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। তেওঁ কয় যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত CAA বিৰোধী এটা সমন্বয়ৰক্ষী মঞ্চ গঠন কৰা হৈছে, য’ত যোগেন্দ্ৰ যাদৱ, মেধা পাটকাৰ, গণেশ দেৱী আদিয়ে নেতৃত্ব দিছে এই মঞ্চৰ।

সকলো CAA বিৰোধী সংগঠনক আন্দোলনত যোগ দিবলৈ আহ্বান জনায় নাগৰিক সমাজে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ সমস্যাসমূহ দাঙি ধৰিব এই মঞ্চখনে।We the people of India নামেৰে নামাকৰণ কৰা দিয়া এই মঞ্চখনে CAAৰ বিৰুদ্ধে চলাই নিব জোৰদাৰ আন্দোলন। আনহাতে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু তিথিত দীঘলীপুখুৰী পাৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিব নাগৰিক সমাজে।
আৰু চাওক
পৰৱৰ্তী বাতৰি