অসমৰ দুলু বৰাৰ পদক্ষেপক প্ৰশংসা বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ, হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে কৰিছে এই কাম

News18 Assam | News18-Assam
Updated:November 22, 2020, 6:14 PM IST
অসমৰ দুলু বৰাৰ পদক্ষেপক প্ৰশংসা বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ, হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে কৰিছে এই কাম
নগাঁও জিলাতো হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা চাপানালা-বালিজুৰি অঞ্চলৰ যুৱক বিনোদ দুলু বৰা।

নগাঁও জিলাতো হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা চাপানালা-বালিজুৰি অঞ্চলৰ যুৱক বিনোদ দুলু বৰা।

  • Share this:
হাতী-মানুহৰ সংঘাতৰ বাবেই প্ৰতিবছৰেই সমগ্ৰ বিশ্বতে বহুলোকৰ প্ৰাণহানি হৈছে। নষ্ট হৈছে কৃষকৰ ফচল। অসমতো হাতী-মানুহৰ সংঘাতৰ বাবে প্ৰতি বছৰেই বহুজনে সাবটি লৈছে মৃত্যুক। হাতী-মানুহৰ সংঘাতত প্ৰাণহানি হৈছে বন্যহস্তীৰো। ইয়াৰোপৰি বহুলোকৰ ঘৰ-বাৰী ধ্বংস হৈছে বন্যহস্তীৰ আক্ৰমণত।

বিগত বৰ্ষকেইটিত হোৱা অবাধ বনধ্বংস যজ্ঞৰ ফলত বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলা বন্যহস্তীৰ জাকৰ সৈতে বৃদ্ধি পাইছে মানুহৰ সংঘাত। খাদ্যৰ অভাৱত হাহাকাৰ কৰা বন্যহস্তীয়ে অসমৰ কৃষকৰ বিঘাই বিঘাই কৃষিভূমি খাই তহিলং কৰিছে। বানে জুৰুলা কৰা কৃষকৰ সন্মুখত ভূতৰ ওপৰত দানহ পৰাদি বন্যহস্তীৰ তাণ্ডৱে এক ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে।

নগাঁও জিলাতো হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা চাপানালা-বালিজুৰি অঞ্চলৰ যুৱক বিনোদ দুলু বৰা। সৰুৰে পৰা প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ উদ্ধাৰৰ বাবে নিষ্ঠাৰে কাম কৰা বিনোদ দুলু বৰাক ২০১৫ চনৰ চেঞ্চুৰী এছিয়াই ভাৰতৰ ভিতৰতে সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰৰ সন্মান প্ৰদান কৰিছিল। গ্ৰীন গাৰ্ড নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে দুলুৱে বিগত সময়ছোৱাত বাঘ, হাতী, ভালুক আদি বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰৰ লগতে সহস্ৰাধিক বিষাক্ত সাপ জনবসতিপূৰ্ণ অঞ্চলৰ পৰা উদ্ধাৰ কৰি সমাদৃত হৈছিল। কিন্তু হাতী-মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত শেহতীয়াভাৱে বিনোদ দুলু বৰা তথা "হাতীবন্ধু"ৱে লোৱা পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে বিশ্বৰ বহু প্ৰকৃতিপ্ৰেমী সংস্থাই।



‘হাতীবন্ধু’ৰ সঞ্চালক প্ৰদীপ কুমাৰ ভূঞাৰ উদ্যোগত বিনোদ দুলু বৰাই হাতীৰ বাবে আৰম্ভ কৰা ধান খেতি আৰু বিভিন্ন প্ৰজাতিৰ ঘাহখেতিৰ বাবেই বৰ্তমান ৰক্ষা পৰিছে কৃষকৰ ৪০ হাজাৰ বিঘা কৃষিভূমি।

কি উপায়ৰে নিৰ্মূল কৰিছে হাতী-মানুহৰ সংঘাত :

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে বিনোদ দুলু বৰা তথা স্বেচ্ছাসেৱী সংস্থা ‘হাতীবন্ধু’ৱে উদ্ভাৱন কৰিছে এক অভিনৱ কৌশল। সংস্থাটোৰ সঞ্চালক গুৱাহাটীৰ প্ৰদীপ কুমাৰ ভূঞাৰ উদ্যোগত বিনোদ দুলু বৰাই পাহাৰৰ দাঁতিত থকা ৬০০ বিঘা মাটিত হাতীৰ খাদ্যৰ বাবে ধানখেতি আৰু হাতীৰ প্ৰিয় বিভিন্ন প্ৰজাতিৰ ঘাঁহ খেতি কৰিছে। পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে প্ৰথমেই এই খেতি খাদ্য হিচাপে গ্ৰহণ কৰে। ফলত আন কৃষিভূমি বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰে।

প্ৰথম পৰ্যায়ত বিনোদ দুলু বৰাই ২০০ বিঘা মাটিত এই খেতি কৰিছিল যদিও এইবেলি ৬০০ বিঘা মাটিত হাতীৰ খাদ্যৰ বাবে কৰিছে এই খেতি। বিনোদ দুলু বৰাক এই কাৰ্যত সম্পূৰ্ণৰূপে সহযোগ কৰিছে তেওঁৰ পত্নী মেঘনা ময়ূৰী বৰাই। দুয়ো আনকি তিনিমাহ পাহাৰৰ দাঁতিত টঙীঘৰতে দিন পাৰ কৰিছে।



হাতীৰ খাদ্যৰ বাবে দুলুৱে ২০০ বিঘা মাটিত ধানখেতি কৰাৰ পৰিৱৰ্তে ৪০০ বিঘা মাটিত গ্ৰুম গ্ৰাছ, নেপিয়াৰ আদি বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতি কৰিছে। বিনোদ দুলু বৰাই জনোৱা মতে,"হাতীবন্ধুৰ সঞ্চালক প্ৰদীপ কুমাৰ ভূঞাৰ বাবেই এইয়া সম্ভৱ হৈ উঠিছে।" হাতীবন্ধুৰ এই পদক্ষেপে বৰ্তমান চাপানালা, বালিজুৰি অঞ্চলৰ কৃষকৰ ৪০ হাজাৰ বিঘা কৃষিভূমি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ফলত অঞ্চলটোৰ কৃষকৰ বাবে বুকুৰ আপোন হৈ পৰিছে হাতীবন্ধু। হাতীবন্ধুয়ে যথেষ্ট সকাহ দিছে নগাঁও জিলা বন বিভাগকো।

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত আদৰ্শ হৈ পৰিছে হাতীবন্ধু :

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। কিন্তু হাতীবন্ধুৰ এই পদক্ষেপৰ বাবেই বৰ্তমান নগাঁৱৰ চাপানালা-বালিজুৰি অঞ্চলত হ্ৰাস পাইছে হাতী-মানুহৰ সংঘাত।  স্মৰ্তব্য যে, হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে হাতীবন্ধুৱে সম্পূৰ্ণ নিজা খৰচত ৬০০ বিঘা মাটিত কৰিছে এই খেতি। কিন্তু চৰকাৰীভাৱে যদি বৃহৎ আকাৰত এই উপায় অৱলম্বন কৰা হয় তেনেহ'লে নিশ্চিতভাৱে অনাগত সময়ত হাতী-মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ই হ'ব এক সুদূৰপ্ৰসাৰী পদক্ষেপ।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading