মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১০ বছৰত ২৫ বাৰকৈ অন্য পুৰুষলৈ পলাই গৈ নগাঁৱৰ মহিলাই গঢ়িলে ৰেকৰ্ড! ইমানৰ পিছতো স্বামীয়ে কলে- 'মই তাইকে ভালপাওঁ'

১০ বছৰত ২৫ বাৰকৈ অন্য পুৰুষলৈ পলাই গৈ নগাঁৱৰ মহিলাই গঢ়িলে ৰেকৰ্ড! ইমানৰ পিছতো স্বামীয়ে কলে- 'মই তাইকে ভালপাওঁ'

News18 Assam | News18-Assam
Updated:September 13, 2021, 2:53 PM IST
১০ বছৰত ২৫ বাৰকৈ অন্য পুৰুষলৈ পলাই গৈ নগাঁৱৰ মহিলাই গঢ়িলে ৰেকৰ্ড! ইমানৰ পিছতো স্বামীয়ে কলে- 'মই তাইকে ভালপাওঁ'
স্থানীয় একাংশ ৰাইজৰ মতে নিজ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থতে স্বামীয়ে নীৰৱে সহি গৈছে পত্নীৰ পৰকীয়া প্ৰেমৰ আখ্যান।

স্থানীয় একাংশ ৰাইজৰ মতে নিজ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থতে স্বামীয়ে নীৰৱে সহি গৈছে পত্নীৰ পৰকীয়া প্ৰেমৰ আখ্যান।

  • News18 Assam
  • Last Updated: September 13, 2021, 2:53 PM IST
  • Share this:
নগাঁও জিলাৰ ধিং অঞ্চলৰ এগৰাকী বিবাহিত মহিলাই যোৱা দহ বছৰত ২৫ বাৰ ঘৰৰ পৰা পলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীৰ শহুৰেকৰ মতে, তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ২০-২৫ বাৰ বিভিন্ন পুৰুষৰ সৈতে 'পলাই' গৈছিল। কিন্তু বাৰে বাৰে স্বামীক প্ৰবঞ্চনা কৰাৰ পিছতো তেওঁৰ স্বামীয়ে পুনৰ পত্নীৰ মৰ্য্যদা দিবলৈ সাজু মহিলাগৰাকীক।

ঘটনাটো নগাঁৱৰ ধিং লহকৰ গাঁৱৰ। তিনিটিকৈ সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে বিগত ১০ বছৰত নিজৰ স্বামীক এৰি প্ৰায় ২৫বাৰ অন্য যুৱকৰ সৈতে পলাই গৈছিল। অৱশ্যে অন্য যুৱকৰ সৈতে পলাই গ'লেও নিজৰ ঘৰখনৰ যেন মোহ এৰিব নোৱাৰে মহিলাগৰাকীয়ে। সেয়ে পলাই যোৱাৰ কেইদিনমানৰ পিছত পুনৰ নিজ ঘৰলৈ ঘূৰি আহে মহিলাগৰাকীয়ে।

শেহতীয়াকৈ মহিলাগৰাকী ধিং লস্কৰ পথাৰৰ অন্য এগৰাকী পুৰুষৰ সৈতে পলাই গৈছিল। এয়া আছিল তেওঁৰ জীৱনৰ ২৫ নম্বৰৰ পলায়নৰ ঘটনা। এই মাহৰে ৪ ছেপ্টেম্বৰত ৩মহীয়া সন্তানক এৰি পলায়ন কৰিছিল মহিলাগৰাকীয়ে। মহিলা গৰাকীৰ স্বামী পেছাত গাড়ীৰ ড্ৰাইভাৰ। তেওঁক এই বিষয়ে সোধাত কয়, "যোৱা ৪ ছেপ্টেম্বৰত মই গাড়ীৰ গেৰেজৰ পৰা আহি খবৰ পাও যে, মোৰ পত্নী তিনিমহীয়া সন্তানক এৰি পুনৰ পলাই গৈছে অন্য এগৰাকী পুৰুষৰ সৈতে। তেওঁ মোৰ ঘৰৰ পৰা নগদ ২২ হাজাৰ টকা আৰু সোণৰ অলংকাৰো লৈ গৈছিল। ওচৰ-চুবুৰীয়াক ছাগলীৰ খাদ্য বিচাৰিবলৈ যাও বুলি কৈ তেওঁ পলাই গৈছিল।" ইপিনে মহিলাগৰাকীৰ শহুৰেকে ক্ষোভেৰে কৈছিল, "তাই কাৰ লগত পলাই গৈছিল আমি নাজানো। কিন্তু তাই বাৰে বাৰে সন্তানক এৰি অন্য পুৰুষৰ সৈতে পলাই যায়।" 

ইফালে ধিং লহকৰ গাঁৱৰ ৰাইজৰ মতে, বিগত ১০ বছৰত এই গৰাকী মহিলাই গাওঁখনৰ বহু পুৰুষৰ সৈতে পলাই গৈছে। পিছে ইমানৰ পিছতে কিন্তু আশ্বৰ্য্যজনক ভাৱে নিজ পত্নীৰ প্ৰতি কোনো ক্ষোভ নাই স্বামীৰ। স্থানীয় একাংশ ৰাইজৰ মতে নিজ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থতে স্বামীয়ে নীৰৱে সহি গৈছে পত্নীৰ পৰকীয়া প্ৰেমৰ আখ্যান।
Published by: Himangshu Bhuyan
First published: September 13, 2021, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি