পুৰোহিতৰ নষ্ট চৰিত্ৰ, মহিলাৰ সতীত্বত হাত দিয়াৰ অভিযোগ!
News18-Assam Updated:June 14, 2019, 11:46 AM IST

Source-Google
স্বামী নথকাৰ সুযোগলৈ মহিলাৰ শ্লীলতা হানি কৰাৰ অভিযোগ পুৰোহিতৰ বিৰুদ্ধে।
- News18 Assam
- Last Updated: June 14, 2019, 11:46 AM IST
মহিলা গৰকাীক প্ৰথমে এক দুখৰ জীৱনৰ ভয় দেখুৱাই চাকৰি সুত্ৰে বহিঃ ৰাজ্যত থকা মহিলাগৰাকীৰ স্বামী আৰু ঘূৰি নহাৰ ভয় দেখুৱাই পুৰোহিতজনে। আৰু মহিলাগৰকীক প্ৰতিকাৰৰ চলেৰে মহিলাগৰাকীৰ কাষ চাপে ভণ্ড পুৰোহিতজন। পিছত এদিন পুৰোহিতে মহিলাগৰাকীক চিকিৎসা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ কৰি মহিলা গৰাকীক চিকিৎসাৰ নামত যৌন উত্তেজনা বৃদ্ধি পোৱা টেবলেট খাবলৈ দিয়ে ।ইয়াৰ পিছতে মহিলা গৰাকীৰ যৌন উত্তেজনা বৃদ্ধি পোৱাত মহিলা গৰাকীৰ দেহত কাম সেন্দুৰ ঘহি দিয়াৰ লগতে যৌনাঙ্গত মলম জাতীয় পৰ্দাথ ঘহি দি পুৰোহিতে নিজৰ অসৎকামনা পূৰণ কৰে বুলি অভিযোগ উঠিছে। এই সম্পূৰ্ণ ঘটনা মহিলাগৰাকীৰ কণমানি পুত্ৰই প্ৰত্যক্ষ কৰি দেউতাকক পুৰোহিতৰ অসৎ চৰিত্ৰৰ বিষয়ে অৱগত কৰে পুত্ৰই।
পিছত ততাতৈয়াকৈ কৰ্মস্থলীৰ পৰা মহিলা গৰাকীৰ স্বামী ঘৰলৈ আহে আৰু ঘটনা সন্দৰ্ভত ৰাইজমেল চপাই যদিও একাংশ লোকে নিৰ্যাতিতা মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামীক পাগল সজাই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা। পিছত উপায়ন্ত হৈ মহিলা গৰাকী আৰু তেওঁৰ স্বামী আৰক্ষীৰ কাষ চাপে।