কংক্ৰীটৰ নগৰীৰ মাজমজিয়াত দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ কলৰৱ

News18-Assam
Updated:November 18, 2019, 1:25 PM IST
কংক্ৰীটৰ নগৰীৰ মাজমজিয়াত দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ কলৰৱ
নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ কাষতে থকা পুখুৰীলৈ আগমন ঘটিছে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ

নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ কাষতে থকা পুখুৰীলৈ আগমন ঘটিছে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ

  • Share this:
নীলোৎপল বৰা: কংক্ৰীটৰ নগৰীৰ মাজমজিয়াত দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ কলৰৱ। নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ কাষতে থকা পুখুৰীলৈ আগমন ঘটিছে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ। প্ৰতিবছৰেই শীতকালত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ কাষতে অৱস্থিত এই পুখুৰীটোত পৰিভ্ৰমী চৰাইৰ বিচৰণৰ এই মনোৰম দৃশ্যৰাজি উপভোগ কৰিবলৈ আগমন ঘটে বহু পৰ্যটকৰ। পৰিভ্ৰমী চৰাইৰ প্ৰিয় বহু উদ্ভিদ ৰোপণেৰে নগাঁও মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগে পক্ষীকূলৰ ৰক্ষাৰ বাবে হাতত লৈ আহিছে বহু পদক্ষেপ।



এইবেলিও নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী,জীৱবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° ললিত গগৈ, ড° ভূৱন চুতীয়াৰ উদ্যোগত ‘পৰিভ্ৰমী চৰাইৰ পৰ্যবেক্ষণ’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নগাঁও বন সংমণ্ডলৰ বিষয়া ৰাজেন চৌধুৰীৰ লগতে পক্ষী সংৰক্ষণৰ বাবে বিখ্যাত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়াই অংশগ্ৰহণ কৰি মহাবিদ্যালয় খনৰ এই পদক্ষেপক প্ৰশংসা কৰে। উল্লেখযোগ্য যে পক্ষীকূলৰ সংৰক্ষণৰ বাবে ইয়াৰ পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শব্দ প্ৰদূষণ বন্ধৰ আহ্বানৰে দীপাৱলীত মানৱ-শৃংখলৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি