ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে কটনৰ যুৱ অধ্যাপক ড০ বিশ্বজিৎ নাথে। শুকুৰবাৰে নিশা নগাঁও চহৰৰ টেলিয়াপট্টিৰ নিজ গৃহৰ পৰা গুৱাহাটী অভিমুখে এখন চেণ্ট্ৰ গাড়ীৰে তিনিগৰাকী সংগীৰ সৈতে গৈ থকা বিশ্বজিৎ নাথৰ বাহন খনে নগাঁও-মৰিগাঁও পথৰ বৰভেটিত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কটনৰ অধ্যাপক বিশ্বজিৎ নাথ আৰু ভাতৃ পংকজ নাথক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও আধা বাটতে মৃত্যুক আকোৱালি লয় ৩৭বছৰীয়া যুৱ অধ্যাপক গৰাকীয়ে। বিশ্বজিৎ নাথৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰসমাজ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 21, 2020, 10:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।